ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান 

83
ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২৫ আগষ্টঃ গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান । গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানৰ গুৱাহাটীস্থিত বাসগৃহত আজি অভিযান চলায় মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই । মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই ছাইবৰ ৰহমানৰ হাতীগাঁও আৰু বেলতলাত থকা  দুটাকৈ বিলাসী আৱাসগৃহত তালাচী চলায় । মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাই অতি কম দিনৰ ভিতৰত বিতৰ্কিত ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰিব বুলি উল্লেখ কৰে । ছাইবৰ ৰহমানৰ নামত গুৱাহাটীৰ মুঠ ২৮ টাকৈ স্থানত অস্থাৱৰ সম্পত্তি আছে বুলি জানিব পৰা গৈছে । ছাইবৰ ৰহমান মুঠ ১০০ কোটিতকৈয়ো অধিক টকাৰ সম্পত্তিৰ গৰাকী বুলি প্ৰকাশ পাইছে । উল্লেখযোগ্য যে , ছাইবৰ ৰহমানৰ পত্নীয়ে নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা অৱতীৰ্ণ হোৱাৰ সময়ত দাখিল কৰা সম্পত্তিৰ তালিকাই মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাত অভিযান চলোৱাত সহায় কৰিছিল । ডিমা হাছাওত আৰ এইচ খানৰ লগত মিলি ছাইবৰ ৰহমানে বহু কোটি টকা আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে তদাৰকী শাখাই । ছাইবৰ ৰহমানৰ পত্নীৰ লগতে আত্মীয়ৰ নামতো বহুতো বেনামী সম্পত্তি আছে আৰু সকলোতে মুখ্য মন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাব বুলি আৰক্ষী অধীক্ষক ৰজি কলিতাই উল্লেখ কৰে ।