ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক চিলাপথাৰ অধিবেশনৰ প্ৰস্তুতি

78

ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক চিলাপথাৰ অধিবেশনৰ প্ৰস্তুতি

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ১৯ ছেপ্তেম্বৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ আগন্তুক তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে আজি চিলাপথাৰৰ খনামুখ যুৱক সংঘৰ খেলপথাৰত দিনৰ ২ বজাত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যুগল গগৈ সভাপতিত্ব এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁই । সভাত চিলাপথাৰ,খনামুখ অঞ্চলৰ বিশিষ্ট ব্যক্তি,সমাজ কৰ্মী,জেষ্ঠ লোক, জেষ্ঠ সাংবাদিক সকলৰ লগতে ধেমাজি জিলা কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে । সভাত আগন্তুক জিলা সমিতিৰ অধিবেশন খনি অনুষ্ঠিত কৰাৰ বাবে ৰাজহুৱা বআলোচনা কৰাৰ পিছত সভাৰ সৰ্বসন্মতিক্ৰমে আগন্তুক ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন খনি চিলাপথাৰ খনামুখ আঞ্চলিক যুৱক সংঘৰ প্ৰাঙ্গণত ১০ আৰু ১১ নৱেম্বৰ দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজিৰ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন ভূঞাক সভাপতি, দ্বিপমজ্যোতি ফুকন আৰু অভিজিত খনিকৰক সাধাৰণ সম্পাদকদ্বয়,অতনু চেতীয়াক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া আদৰণি সমিতি গঠন কৰা হয় ।