ধৰ্ষণৰ অভিযোগত ধুবুৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজীৱ শৰ্মা পলাতক,বৌদ্বিক মহলত প্ৰতিক্ৰিয়া

379

ধৰ্ষণৰ অভিযোগত ধুবুৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজীৱ শৰ্মা পলাতক,বৌদ্বিক মহলত প্ৰতিক্ৰিয়া

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ ,গুলজাৰ হুছাইন , বগৰিবাৰী , ৮ অক্টোবৰঃ আদালতৰ মুখ্য এজেন্ট স্বৰূপ আৰক্ষীয়ে অন্যায় অত্যাচাৰ , বা অনৈতিক কাৰ্যত লিপ্ত সকলোক আটক কৰি শাস্তি প্ৰদানৰ বাবে আদালতৰ দোৱাৰত ঠেলি দিয়ে । তদুপৰি জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰা কাৰ্যই হৈছে আৰক্ষীৰ মূল লক্ষ্য । আনহাতে , সমাজৰ অন্যায় অত্যাচাৰ , দুৰ্নীতি আৰু গোপন অনৈতিক তথ্য ফাদিল কৰাই হৈছে সাংবাদিকৰ লক্ষ্য । সুস্থ সমাজ গঢ়াত সাংবাদিকৰ যথেষ্ঠ ভমিকা আছে । সাংবাদিকৰ কলমে দেশ এখনক উন্নয়ণৰ পৰা উন্নত দেশলৈ আগবঢ়াই লোৱাৰ উপৰি চৰকাৰৰ ভূল দিশ পলকতে সলনি কৰিব পাৰে । গণতন্ত্ৰ ৰাষ্ট্ৰ এখনৰ চৰকাৰ নিৰ্বাচন বা চৰকাৰৰ উত্থান-পতনত সাংবাদিকৰ কলমে যথেষ্ঠ অৰিহনা যোগাই আহিছে । কিন্ত আজি কালি একাংশ মুখা দাৰী সাংবাদিকে সংবাদ জগত খনক কুলসিত কৰি তুলিছে । সাংবাদিক নামৰ ঢাল খন ব্যৱহাৰ কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মীক ভয়-ভাবুকী প্ৰদানে হাৰাশাস্তি কৰাৰ উপৰি বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হৈ এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে । বিষয়াই কথা নুশুনিলে তেওঁৰ বিৰুদ্বে মণে সজা বাতৰি পৰিবেশন কৰা হয় । প্ৰায় ২/৩ বছৰ পূৰ্বে ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডি এফ অৰ বিৰুদ্বে ধুবুৰী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাই মণে সজা বাতৰি পৰিবেশন কৰাই ইয়াৰ জলন্ত উদাহৰণ । সাংবাদিক জনে পাকে প্ৰকাৰে ঠাই বিশেষে পবিত্ৰ সংগঠন আৰ এছ এছৰ অন্যতম ব্যক্তি বুলি দাবী প্ৰদান কৰি আহিছে যদিও ইয়াৰ কোনো প্ৰমাণ আমাৰ হাতত নাই । দীৰ্ঘ দিন ধৰি একাংশ ৰাইজে সাংবাদিক জনৰ অনৈতিক কাৰ্যৰ প্ৰতি আঙুল টোৱাই আহিছিল । প্ৰতিফলন স্বৰূপে ভুৱা আশ্বাস তথা ঠগ প্ৰবঞ্চনাৰে ওৱেব ছাইটৰ মাধ্যমত নগাওঁৰ এগৰাকী যুৱতীক প্ৰেম জালত আবদ্ব কৰি একাধিক বাৰ ধৰ্ষণ কৰা কাৰ্যই সমগ্ৰহ অসমৰ বৌদ্বিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । পূৰ্বৰ স্ত্ৰীৰ সৈতে দৈহিক সম্পৰ্ক বিচ্ছেদ হোৱা বুলি নগাওঁৰ যুৱতী গৰাকীৰ সৈতে বিবাহৰ ছলেৰে অবৈধ সম্পৰ্ক গঢ়ি তোলে আৰু ৪/১২/২০ ইং তাৰিখত ৰাজীৱ শৰ্মাৰ জন্ম বাৰ্ষিকত যুৱতী গৰাকীক নিজৰ আত্মীয়ৰ সৈতে পৰিচয় কৰোৱাই যদিও ৰাজীৱ শৰ্মা প্ৰথমা পত্নীৰ হেচাঁত নগাওঁৰ যুৱতী গৰাকীৰ সৈতে যোগাযোগ বিচ্ছিন্ন ৰখাত যুৱতী গৰাকী এক তদন্ত মৰ্মে জানিব পাৰে যে , তাই প্ৰবঞ্চনাৰ স্বীকাৰ হৈছে । উপায়ন্তৰ হৈ ধৰ্ষীতা যুৱতী গৰাকী ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত ৩৭৬/৪২০/৪০৬/৪১৭ ধাৰাৰ অধীনত ১৩৬৪/২১ নং গোচৰ টো পূঞ্জীভূক্ত কৰিছে । বিজ্ঞানে প্ৰশান্ত মহাসাগৰ গভীৰত থকা সামগ্ৰী , সম্পদ উদ্বাৰ কৰিব পাৰে , গৌৰীপুৰ আৰক্ষীয়ে ৰাজীৱ শৰ্মা নামৰ ধৰ্ষণ কাৰী জনক অদ্যপি গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যই ৰহস্য ঘনীভুত হৈ পৰিছে । আইন সকলোৰ বাবে সমান , আইন কাৰবাৰ পকেটৰ ধন বা পৈতৃক সম্পদ নহয় । সুদুৰ নগাওঁৰ যুৱতী হলেও গৌৰীপুৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত যাতে , কোনো পক্ষপাতিত্ত্ব বা বৈষম্যতা নকৰে , তাৰ বাবে বিভিন্ন স্বেচ্ছা-সেৱী সংগঠনে দুৰ্নীতিৰ দৰ্পণ কাকতৰ জৰিয়তে আহৱান জনাইছে । লগতে দোষীক তৎকালীনতাৰে আটক কৰি উপযুক্ত শাস্তি বিহাৰ বাবে আৰক্ষী অধীক্ষকৰ দৃষ্টি আকৰ্ষণ কৰে ।