নগাঁৱৰ বেঙেনাআটি গাওঁ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ

162

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ৪ আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ বেঙেনাআটি গাঁও পঞ্চায়তৰ আজি ভাৰপ্ৰাপ্ত সভানেত্ৰীৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ছেহনাচ চুলতানাই । পূৰ্বৰ সভাপতিয়ে পঞ্চায়তটোত সংঘটিত কৰা কেতবোৰ  দুৰ্নীতি-অনিয়মত অতিষ্ঠ হৈ সভাপতিৰ  বিৰুদ্ধে ২৪ জুনত পঞ্চায়তটোৰ ৮ জনকৈ নিৰ্বাচিত ৱাৰ্ড সদস্যই স্বাক্ষৰিত এক অনাস্থাৰ প্ৰস্তাৱ দাখিল কৰিছিল । উক্ত অনাস্থা প্ৰস্থাৱৰ ওপৰত ভিত্তি কৰি বেঙেনাআটি গাওঁপঞ্চায়তে এক সভাৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিছিল যদিও বিভিন্ন অজুহাতত পঞ্চায়ত সভাপতিয়ে সভা অনুষ্ঠিত নকৰাত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত আইণ অনুসৰি আঞ্চলিক পঞ্চায়তে পাখিমৰীয়া উন্নয়ন খণ্ডত ২২ জুলাইত এক বিশেষ সভা আয়োজন কৰি বিষয়টোৰ ওপৰত আলোচনা কৰে । উক্ত সভাত পঞ্চায়তটোৰ ৯ জনকৈ ৱাৰ্ড সদস্যই উপস্থিত থাকি সভাপতি বিৰুদ্ধে অনা অনাস্থাৰ সপক্ষে ভোট প্ৰদান কৰে । পাছত সভাই সকলো কথা চালি জাৰি চাই উক্ত অনাস্থাৰ প্ৰস্তাৱ গৃহিত কৰি পঞ্চায়ত সভাপতি হবিবুৰ ইদ্ৰিছ চৌধুৰীক অব্যাহতি দি আইন অনুসৰি পঞ্চায়তটোৰ উপ সভানেত্ৰীক ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে কাৰ্যভাৰ অৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশ মৰ্মে আজি বেঙেনাআটি গাওঁপঞ্চায়তত অনুষ্ঠিত এক সভাত পঞ্চায়তটোৰ সচীব অজাতি বৰাৰ পৰা ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে চেহেনাছ চুলতানাই দায়িত্বভাৰ গ্ৰহণ কৰে । সভাত পাখিমৰীয়া উন্নয়ন খণ্ডৰ সহ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ দাস , পঞ্চায়তটোৰ সচীব অজিত বৰা , জেষ্ঠ বিজেপি নেতা ছিদ্দিক হুছেইন , বিজেপিৰ ভোটাই পাঠৰী মণ্ডলৰ সভাপতি পদ্ম বৰুৱা , উপ সভাপতিদ্বয় বুধেন শইকীয়া , প্ৰবিন  শৰ্মা , সম্পাদক ফাৰুক হুছেইন , ভোটাই পাঠৰী এছ চি মৰ্চাৰ সভাপতি ডিম্বেশ্বৰ বৰাৰ লগতে পঞ্চায়তটোৰ ৯ জন ৱাৰ্ড সদস্যই অংশ গ্ৰহণ কৰে ।