নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্য্যসূচী

145

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্য্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ৪ ছেপ্তেম্বৰঃ বিগত বহুদিন ধৰি প্ৰধানকৈ ধেমাজি ,মাজুলী তথা লক্ষীমপুৰ জিলাকে ধৰি আন আন জিলা সমূহকো কম বেছি পৰিমাণে বানপানীৰ সমস্যাৰে জৰ্জৰিত কৰি অহা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষনা কৰে । আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্য্যসূচী হিচাপে শুকুৰবাৰে মাজুলী , বিশ্বনাথ চাৰিআলি,লক্ষীমপুৰৰ লগতে ধেমাজি জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক সমিতিৰ সহযোগত গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ন কৰে । ইয়াৰ লগতে পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে ৬ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমতে ধৰ্ণা কাৰ্য্যসূচী,৮ আৰু ৯ ছেপ্তেম্বৰ তাৰিখে ৰাজহুৱা স্বাক্ষৰ গ্ৰহন আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ আৰু ১১ ছেপ্তেম্বৰ তাৰিখে ৰাজহুৱা মেলৰ আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে । তাৰ পৰৱৰ্তী পৰ্য্যায়ত ১৬ ছেপ্তেম্বৰৰ পৰা NHPC ৰ বিৰুদ্ধে সৰ্বাঙ্গীন বন্ধ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে । উক্ত গণ অৱস্থান কাৰ্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাই,সাংস্কৃতিক সম্পাদক দেৱজিত দাস,কাৰ্যনিৰ্বাহক সদস্য নীল গগৈ আৰু জিলা সমিতি সভাপতি জ্ঞান শৰ্মা,সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা । ইয়াৰ উপৰিও বিজেপি চৰকাৰে পূৰ্বতে নদীবান্ধ বন্ধ কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অনতিপলমে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ চলিত কাৰ্য্য বন্ধ কৰিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।