নিজ মাতৃ-হত্যাৰ ন্যায় বিচাৰি দুই ভগ্নী

149

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২ আগষ্ট :  বিগত ২০২০ বৰ্ষৰ ১ আগষ্টৰ দিনতেই নিজা স্ত্ৰী প্ৰিচিলা হাপান চৰকাৰক দাৰে ঘপীয়াই হত্যা কৰিছিল লম্পট দেৱজিৎ চৰকাৰে । কিন্তু আজি পৰ্যন্ত ন্যায় পৰা বঞ্চিত হৈ আছে অৱশিষ্ট দুই কন্যা সন্তান তথা পৰিয়ালবৰ্গই । উল্লেখযোগ্য যে , হত্যাকাৰী জনে নিজ বাসগৃহ কাৰ্বি-আংলং জিলাৰ শান্তিপুৰত বৰ্তমান সময়ত মুক্ত হিচাপে বিচৰণ কৰি থকাত অঞ্চলবাসী সংকিত হৈ পৰিছে । বৰ্তমান ওপৰলাংঠা গাওঁৰ নিবাসী ককাক আইতাক লগত আছে যদিও বিভিন্ন সময়ত দুই কন্যা সন্তানক মোবাইলৰ যোগে বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰি আহিছে । সেয়েহে উচিত ন্যায় বিচাৰি তথা লম্পট দেৱজিৎ চৰকাৰক উচিৎ শাস্তি প্ৰদানৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰী লৈ আহ্বান জনায় পৰিয়ালবৰ্গই ।