নীলবাগানত হোজাই জিলা আমছুৰ অভিৱৰ্তন সম্পন্নঃ ৫১ জনীয়া সমিতি গঠন

117

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২ আগষ্টঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ইকবাল হুছেইন গোটৰ হোজাই জিলা সমিতিৰ অভিৱৰ্তন আজি নীলবাগানত সম্পন্ন হয় ৷ অভিৱৰ্তনত আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনৰ উপস্থিতিত ৫১ জনীয়া হোজাই জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নতুনকৈ সমিতি গঠন কৰা হয় ৷ সভাত সৰ্বসন্মত প্ৰস্তাৱ মৰ্মে আৰিফ উদ্দিনক সভাপতি, লুৎফুৰ ৰহমান বৰলস্কৰ আৰু নইম উদ্দিনক সাধাৰণ সম্পাদক, হিলাল উদ্দিন বৰভূঞাক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ এই সমিতিখন গঠন কৰা হয় ৷ সমিতিখনত ৮ গৰাকী উপ সভাপতি, ৪ গৰাকী সহকাৰী সাধাৰণ সম্পাদক, ৮ গৰাকী সাংগঠনিক সম্পাদক, ৩ গৰাকী প্ৰচাৰ সম্পাদক, দুগৰাকী শিক্ষা সম্পাদকৰ লগতে এগৰাকীকৈ তথ্য আৰু প্ৰচাৰ সম্পাদক, ক্ৰীড়া সম্পাদক আৰু কাৰ্যালয় সম্পাদকক দায়িত্ব দিয়াৰ লগতে ১৭ গৰাকী কাৰ্যকৰী সদস্য নিয়োগ কৰা হয় ৷ নীলবাগানৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সমাজকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত স্থানীয় যুৱ ব্যৱসায়ী আৰিফ উদ্দিনে পৌৰোহিত্য কৰে ৷ হোজাই জিলা আমছুৰ পূৰ্ণাংগ সমিতিখন গঠন কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে কয়–আমছুৰ নৱগঠিত জিলা সমিতিয়ে হোজাই জিলাৰ জ্বলন্ত সমস্যাবোৰৰ সমাধানৰ অৰ্থে কাম কৰিব ৷ জিলাখনৰ সামগ্ৰিক বিকাশ, শৈক্ষিক অৱস্থাৰ উন্নয়নৰ বাবে কাম কৰিব ৷ শিক্ষাৰ বিকাশৰ বাবে জিলাখনৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱীৰ পৰামৰ্শ মৰ্মে আমছুৱে কাম কৰি যাব বুলিও ইকবাল হুছেইনে কয় ৷ অভিৱৰ্তনৰ পিছত অনুষ্ঠিত এক সংবাদমেলত আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ আমছুৰ ৰেজাউল কৰিম সৰকাৰ নেতৃত্বাধীন সমিতিখন অবৈধ বুলিও কয় ইকবাল হুছেইনে ৷ ২০২০ চনৰ অক্টোবৰ মাহত কামৰূপ মুন্সিফ আদালতে ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বাধীন আমছু কমিটিখন অবৈধ বুলি ঘোষণা কৰিছিল ৷ তাৰ পিছত অনুষ্ঠিত এক অধিৱেশনৰ জৰিয়তে ইকবাল হুছেইনৰ নেতৃত্বত নতুন সমিতি গঠন হোৱা বুলি দাবী কৰে ইকবাল হুছেইনে ৷ আমছুৰ ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বাধীন সমিতিখনৰ একাংশ সদস্য বিভিন্ন অনৈতিক কৰ্মৰ লগত জড়িত বুলিও ইকবাল হুছেইনে সংবাদমেলত কয় ৷ আজিৰ অভিৱৰ্তনত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে অংশ লয় ৷ অভিৱৰ্তনত আমছু কৰ্মীসকলে আমছু জিন্দাবাদ, ইকবাল হুছেইন জিন্দাবাদ ধ্বনি দি পৰিৱেশ মুখৰিত কৰি তোলে ৷