পাগলাদিয়া নৈৰ গৰাখহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে তামুলপুৰৰ ছাপাতল বৰবিলা গাঁৱত , ইতিমধ্যে উছন কেইবাটাও পৰিয়ালৰ ভেটি-মাটি

164
পাগলাদিয়া নৈৰ গৰাখহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে তামুলপুৰৰ ছাপাতল বৰবিলা গাঁৱত , ইতিমধ্যে উছন কেইবাটাও পৰিয়ালৰ ভেটি-মাটি
দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ২১ আগষ্টঃ পাগলাদিয়া নৈৰ গৰাখহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে তামুলপুৰ মহকুমাৰ বৰবিলা-ছাপাতল গাঁৱত । যিকোনো মূহুৰ্তত এই গাঁৱৰ আৰু কেইবাটাও পৰিয়ালৰ ভেটি মাটি উছন হৈ পৰিব পাৰে । সেয়ে গাঁওবাসী শংকিত হৈ পাৰ কৰিব লাগিছে বিনিন্দ্ৰ ৰজনী । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পশ্চিম প্ৰান্তেৰে বৈ যোৱা পাগলদিয়া নদীৰ গৰাখহনীয়া নতুন কথা নহয় । প্ৰতি বছৰে বাৰিষা পাগলাদিয়া নৈয়ে ভয়াবহ ৰূপ ধাৰণ কৰি নৈ পৰীয়া বৰবিলা ছাপাতল গাঁৱৰ শ শ কৃষি ভূমি বুৰাই খেতি বাতি নষ্ট কৰাই নহয় , প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰি ভেটি মাটিও উছন কৰি আহিছে । বিগত বহুবছৰ ধৰি পাগলাদিয়া নৈৰ গৰাখহনীয়াত ভেটি মাটি উছন হৈ বহু পৰিয়াল গাঁৱখনৰ পৰা অন্য ঠাইলৈ স্থানান্তৰিত হ’বলগীয়া হৈছিল । এইবেলি হোৱা পাগলাদিয়াৰ নৈৰ প্ৰবল গৰাখহনীয়াত ইতিমধ্যে কুৰিটা পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকুত জাহ যোৱাৰ উপৰিও আৰু কেইবাটাও পৰিয়ালৰ বাস গৃহ উছন হোৱাৰ উপক্ৰম হৈছে । সেয়ে এইসকল ৰাইজে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰি মূৰে কপালে হাত দিব লগীয়া হৈছে । ৰাইজৰ আশা পৰিৱৰ্তন কামী ৰাজ্য চৰকাৰৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এই সকল ৰাইজৰ দুৰ্দশাৰ প্ৰতি সদয় হৈ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব ।