পানবাৰীত ভাৰতীয় সেনাৰ সোণালী জয়ন্তী উৎযাপন

170

পানবাৰীত ভাৰতীয় সেনাৰ সোণালী জয়ন্তী উৎযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ, ২৯ আগষ্ট : ধুবুৰী জিলাৰ পানবাৰীত থকা ২৫ ৰাজপুত ৰেজিমেণ্ট সেনা বেটেলিয়ন কেম্পত আজি উৎযাপন কৰা হয় সেনাৰ সোণালী জয়ন্তী উৎসৱ । ১৯৭১ ৰ ভাৰত-পাকিস্তানৰ যুদ্ধত শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰিছিল ভাৰতীয় সেনাই ।সেই ঐতিহাসিক বিজয়ৰ ৫০ বছৰ পূৰ্তি উপলক্ষে পানবাৰীত সেনাৰ ২৫ ৰাজপুত ৰেজিমেণ্ট বেটেলিয়নে আজি অনুষ্ঠিত কৰে সোণালী জয়ন্তী ।আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সীমান্ত সুৰক্ষা বাহিনীৰ ৫ নম্বৰ ছেক্টৰৰ ডি আই জি জে ছি নায়ক আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে,জিলা উপায়ুক্ত আন্বামুথন এমপি , জিলা আৰক্ষী অধীক্ষক অভিজিত দিলীপ প্ৰমূখ্যে বহু প্ৰাক্তন সেনাৰ উপৰিও স্কুলীয়া ছাত্ৰ ছাত্ৰী । আজিৰ এই সোণালী জয়ন্তী অনুষ্ঠানত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ স্বহীদ সকললৈ মশাল লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷