পানেৰীত প্ৰেছ ক্লাৱৰ শুভ উদ্বোধন

69

পানেৰীত প্ৰেছ ক্লাৱৰ শুভ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , কৌস্তভমনি শৰ্মা, ১৫ ছেপ্টেম্বৰঃ ওদালগুৰি জিলাৰ এখন ঐতিহ্যমণ্ডিত ঠাই হৈছে পানেৰী।‌‌ ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ বৃহত্তৰ পানেৰী অঞ্চলত পানেৰী প্ৰেছ ক্লাৱ গঠন কৰাৰ লগতে কাৰ্যালয়টো বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তীয়ে উদ্বোধন কৰে ১৫ ছেপ্টেম্বৰ তাৰিখে।‌ উদ্বোধনী ভাষনেৰে উদ্বোধক সঞ্জীত তাঁন্তীয়ে সংবাদকৰ্মী সকলে নিকা বাতৰি পৰিবেশণৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁৰ কাৰ্যকালৰ সময়তে বৰ্তমানৰ অস্থায়ী প্ৰেছ ক্লাৱটো স্থায়ী কাৰ্য‍্যলয়ৰ ব্যৱস্থা কৰি‌ দিয়াৰ আশ্বাস দিয়ে। উক্ত উদ্বোধনী সভাত সাংবাদিক সকলক উদ্দেশ্যি সমাজৰ প্ৰতি দায়বদ্ধতা, কৰ্তব্য লগতে অৰিহণাৰ বিষয়ে অনুস্থানত উপস্থিত বিশিষ্ট ব‍্যক্তিসকলে বিভিন্ন মন্তব্য প্ৰদান কৰে। আনহাতে সভাখনৰ সভাপতিত্ব কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতা আৰু আঁত ধৰে সংবাদকৰ্মী ফটিক নন্দন ৰাভাই। পানেৰী প্ৰেছ ক্লাৱৰ সভাপতি হিচাপে মিৰাজুল হুছেইন আৰু সম্পাদক হিচাপে চিন্ময় শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰে। প্ৰেছ ক্লাৱটোৰ সভাত উপস্থিত থাকে বিটিচি মনোনীত সদস‍্য অৰ্পনা মেধি, পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নীলধৰ ডেকা, পানেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ তেৰাং, জ‍্যেষ্ঠ সাংবাদিক বাপন শৰ্মা, সাংবাদিক ফটিক নন্দন ৰাভা, পানেৰী ভিচিডিচি চেয়াৰমেন অৰবিন্দ শৰ্মা লগতে পানেৰী আছু, আক্ৰাছু, আছা, আটছাৰ উপৰিও বহু সংখ্যক দল-সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ।