পুনৰ দুৰ্ঘটনা সংঘটিত কৰি আহতক চিকিৎসালয়ত এৰি পলায়ন চালকৰ , দুৰ্ঘটনাত নিহত ৬ বছৰীয়া শিশু

78

পুনৰ দুৰ্ঘটনা সংঘটিত কৰি আহতক চিকিৎসালয়ত এৰি পলায়ন চালকৰ , দুৰ্ঘটনাত নিহত ৬ বছৰীয়া শিশু

দুৰ্নীতিৰ দৰ্পণ সেৱা , টুকটুকী, ২৭ আগষ্ট : নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত বাৰুৱাটিত কালি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।বেচামাৰী বাৰুৱাটি সংযোগী পথত এটি ই-ৰিক্সা দুৰ্ঘটনাগ্ৰস্ত হয় । তাত গুৰুত্বৰ বাবে আহত হয় কদমনি পথাৰ গাঁৱৰ চিৰাজুল ইছলামৰ ৬ বছৰীয়া পুত্ৰ । আহত শিশুটিক চিকিৎসাৰ কথা কৈ চিকিৎসালয়ত লৈ যায় যদিও অৱস্থা সংকট জনক বুলি গম পাই ধিং এফ আৰ ইউত পেলাই থৈ পলায়ন কৰে ই-ৰিক্সা চালক । তাৰ পিছতে আজি শিশুটিৰ মৃত্যু হয় । উক্ত ঘটনা সন্দৰ্ভত আহোমগাঁও আৰক্ষীয়ে কেইবাটাও ই-ৰিক্সা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।