প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তিনিচুকীয়াত

126

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তিনিচুকীয়াত

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২৬ চেপ্তেম্বৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই কালি তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত এখন কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ পাছত আজি মাকুমস্থিত বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত চাহ জনগোষ্টীৰ প্ৰতিনিধিৰ সৈতে ‘হামদেৰ মনকেৰ বাত’ নামৰ এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতে চাহ জনগোষ্ঠীৰ যুৱতীসকলে ঝুমুৰ নৃত্য-গীতেৰে সভাপতি গৰাকীক মূল মঞ্চলৈ আদৰি লৈ যায় । এই সভাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠী লোকৰ লগতে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ কেনেধৰণে চাহ জনগোষ্ঠীৰ শ্রমিক লোকসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব পাৰে , তাৰ বিষয়ে আলোচনা কৰে । চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলে যিদৰে মূৰৰ ঘাম মাটিত পেলাই সেউজীয়া পৰিৱেশ গঢ়ি তোলে , কিন্তু তাৰ তুলনাত তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে । শক্তিশালী বিৰোধী দল হিচাপে চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধানৰ কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়ত কাৰ্যপন্থা হাতত লোৱাৰ কথাজনাই নেতা জনে উপ নির্বাচনত কংগ্ৰেছে ৬ টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিব আৰু জয় নিশ্চিত বুলি কলে সভাপতি গৰাকীয়ে । বিজেপিয়ে নিজৰ প্ৰাৰ্থী সমূহক চৰীয়াই চৰীয়াই মুখ ফুলাই দিছে দাঁতেৰে তেজ বিৰিঙাই দিছে । গতিকে , তেওঁলোকে কংগ্ৰেছক কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি গুৰুত্বৰ অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । এই অনুষ্ঠানত প্ৰাক্তন বিধায়ক ৰাজু চাহু,দুৰ্গা ভূমিজ,মনোজ ধানোৱাৰো উপস্থিত থাকে ।