প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে গোলাঘাট বিজেপি কাৰ্যালয়ত বিশেষ সভা

158

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে গোলাঘাট বিজেপি কাৰ্যালয়ত বিশেষ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৭ চেপ্তেম্বৰ : গোলাঘাট জিলা বিজেপিৰ কাৰ্য্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ উপলক্ষে এখনি সভা অনুষ্ঠিত । গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ কৃষাণ মৰ্চাৰ বিষয় ববিয়া সকলৰ উপস্থিতিত ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যসূচীৰ আজি প্ৰথম দিন । উক্ত কাৰ্য্যসূচী লগত সংগতি ৰাখি আজি গোলাঘাট ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত গোলাঘাট জিলাৰ বহু কেইজন লোকক সম্বৰ্ধনা জ্ঞাপন কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৃষাণ মৰ্চাৰ বিষয় ববিয়া সকলে জানিবলৈ দিয়ে ৷