প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ২০ দিনীয়া জন্মোৎসৱৰ আজি প্ৰথমটো দিনত বৰ্ধিত টীকাকৰণ কাৰ্যসূচী

96

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ২০ দিনীয়া জন্মোৎসৱৰ আজি প্ৰথমটো দিনত বৰ্ধিত টীকাকৰণ কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা , ১৭ ছেপ্টেম্বৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম জন্মদিন । প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ । ৭১ তম জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশ । অন্যান্য প্ৰান্তৰ লগতে ৰঙাপৰাতো মোডীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিবলৈ সাজু হৈছে । ৰঙাপৰাত প্ৰধানমন্ত্ৰীৰ অনুৰাগী তথা বিজেপি কৰ্মীসকলে অঞ্চলটোৰ চাহ বাগিচা সমুহত ২০ দিনীয়া বৰ্ধিত টীকাকৰন কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰিছে । এই ২০ দিনীয়া জন্ম উৎসৱ উপলক্ষে আজি বিজেপি কৰ্মী সকলে বাগিচা অঞ্চলত শ্ৰমিক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে আৰু কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক লবলৈ আহ্বান জনায় । আজিৰ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন , বিজেপি শোণিতপুৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ৰঙাপৰা নগৰ মণ্ডল অবিচি মৰ্চাৰ প্ৰভাৰী ৰানা ভাটিয়া , মণ্ডল সভাপতি দিপক তেলি আৰু বহু বিজেপি কৰ্মী অংশগ্ৰহণ কৰে ।