বহু অপেক্ষাৰ অন্তত জলেশ্বৰ বাসীলৈ আনুষ্ঠানিক ভাৱে মুকুলি হ’ল এম ভি প্ৰতিভা নামৰ ফেৰী

61

বহু অপেক্ষাৰ অন্তত জলেশ্বৰ বাসীলৈ আনুষ্ঠানিক ভাৱে মুকুলি হ’ল এম ভি প্ৰতিভা নামৰ ফেৰী

দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুৰ ৰহিম মণ্ডল , চুনাৰী, ২৫ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰত শনিবাৰৰ পৰা জলেশ্বৰ ফেৰীঘাটত আনুষ্ঠানিক ভাৱে মুকুলি হ’ল এম ভি প্ৰতিভা নামৰ ফেৰীখন। জানিব পৰা মতে,ৰাতিপুৱা ৯ বজাত জলেশ্বৰৰ পৰা ধুবুৰী লৈ আৰু দুপৰীয়া ২ বজাত ধুবুৰীৰ পৰা আকৌ জলেশ্বৰ লৈ অভতিব বুলি জানিব পৰা গৈছে । ২০১২ চনত ধুবুৰী জিলাৰ মেধৰটাৰী আৰু সদ্য সংঘটিত নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনাৰ পিছত যথেষ্ট তৎপৰ হোৱা দেখা গৈছে ৰাজ্যৰ আভ্যন্তৰীন জল পৰিবহন বহন বিভাগ। তেনেক্ষেত্ৰত এক দিঘদীনিয়া সমস্যাৰ অন্ত পৰিল জলেশ্বৰ বাসীৰ । কিন্তু প্রশ্ন হয়,আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই অভিলাষী ফেৰী সেৱা কিমান দিন লৈকে চলিব , সেয়া হব লক্ষ্যনীয় ।