বাঘবৰৰ চৰাঞ্চলৰ সমস্যাৰ বুজ লবলৈ উপস্থিত নীতি আয়োগৰ সজাতি দল

103

বাঘবৰৰ চৰাঞ্চলৰ সমস্যাৰ বুজ লবলৈ উপস্থিত নীতি আয়োগৰ সজাতি দল

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৩০ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বাঘবৰৰ চৰাঞ্চলত বিভিন্ন সমস্যাৰ বুজ লবলৈ আজি উপস্থিত হয় নীতি আয়োগৰ এটি সজাতি দল । জানিব পৰা মতে , কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি নীতি আয়োগৰ এগৰাকী সহযোগি তথা নীতি আয়োগৰ এছোচিয়েট জেবা খান উপস্থিত হয় বাঘবৰৰ চৰাঞ্চলত । নীতি আয়োগৰ এছোচিয়েট জেবা খানৰ উপৰি সমস্যাৰ বুজ লবলৈ সজাতি দলটিত স্থানীয়ভাবে সমাজ কল্যান বিভাগৰ মন্দিয়াৰ প্ৰকল্প বিষয়া গীতাঞ্জলি তালুকদাৰ , ডি এম ই এন এইচ এম-ময়জুদ্দিন আহমেদ আদিৰ উপৰি জিলা পৰ্যায়ৰ কেবাগৰাকীকৈ বিষয়াও উপস্থিত থাকে । দলটিয়ে চৰাঞ্চলৰ কৃষি , শিক্ষা ,দক্ষতা বিকাশ ,স্বাস্থ্য আৰু ৰাইজৰ বিত্তীয় অৱস্থাৰ বুজ লবলৈ নীতি আয়োগৰ সহযোগী জেৱা খানৰ নেতৃত্বত চৰাঞ্চলত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।আনহাতে , দলটিৰ প্ৰতিবেদন আৰু পৰামৰ্শৰ ভিত্তিত আগলৈ চৰকাৰে চৰাঞ্চলৰ ৰাইজৰ সৰ্বাংগীণ বিকাশৰ আঁচনি যুগুতোৱাৰ ইংগিত দিলে নীতি আয়োগৰ মহিলা সহযোগী জেবা খানে ।