বালিপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

72

বালিপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰঙাপৰা, ২৯ আগষ্ট : ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি বালিপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা বালিপৰাৰ হৰ্নবিল লজত পুৱা ১০ বজাত অনুষ্ঠিত হয় । কৰনা মহামাৰীৰ সম্ভাৱিত তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক সকলে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ মাজত কৰনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে , সেই উদ্দেশ্য হাতত লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় স্বয়ম সেৱক অভিযানৰ আৰম্ভ কৰা হৈছে । এই কাৰ্যক্ৰমৰ অংশ স্বৰূপে বালিপৰা মণ্ডলৰ অন্তৰ্গত সকলো বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক একত্ৰিত হৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় । ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাপত্বিত্ব কৰে ভাৰতীয় জনতা পাৰ্টী বালিপৰা মণ্ডলৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈয়ে । প্ৰশিক্ষণ শিবিৰত অতিথি হিচাবে শোণিতপুৰ জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়া ধিৰাজ বৰা , জিলা স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্যা দিব্যা সিনহা , দিপক শইকীয়া , শোণিতপুৰ জিলা মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী পুৰবী বৰাই অংশগ্ৰহণ কৰে । তাৰোপৰি সভাত শোণিতপুৰ জিলা অ বি চি মৰ্চাৰ সাধাৰণ সম্পাদক অমিয় ডেকাৰ লগতে বালিপৰা মণ্ডলৰ সমুহ বিষয় ববীয়া , সমুহ মৰ্চাৰ সভাপতি সম্পাদক আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।