বিজেপি গাখীৰ দিয়া গৰু আৰু কংগ্ৰেছ-ইউ ডি এফ গাখীৰ নিদিয়া গৰুঃ হিমন্ত বিশ্ব শৰ্মা

90

বিজেপি গাখীৰ দিয়া গৰু আৰু কংগ্ৰেছ-ইউ ডি এফ গাখীৰ নিদিয়া গৰুঃ হিমন্ত বিশ্ব শৰ্মা

ৰেচনৰ চাউল দোকানীয়ে কাটিলে জেলত যাব লাগিব , ভৱানীপুৰ সমষ্টিত পুনৰ বিজেপিৰ ২ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ২৪ অক্টোবৰঃ “কংগ্ৰেছ-এআইইউডিএফক যদি ভোট দিও ৫ বছৰ আমি বিৰোধীত থাকিব লাগিল । যদি আমি বিজেপিৰ পদুমৰ ছবিত ভোট দিও , তেন্তে চৰকাৰৰ পক্ষত ভোট দিয়া হ’ব । তেতিয়া ভৱানীপুৰত উন্নয়নৰ হকে কাম কৰিব পাৰিম আমি । গতিকে , ৰাইজ আমি পদুম ফুলৰ ছবিত ভোট দিব লাগিব । যদি আমি পদুমৰ ছবিত ভোট দিও , তেন্তে গাখীৰ দিয়া গৰু এটা পোৱা যেন হ’ব । কংগ্ৰেছ-এআইইউডিএফক ভোট দিলে গাখীৰ নিদিয়া গৰু এটা লাভ কৰা হ’ব , যিটো গৰু বজাৰতো বিক্ৰী কৰিলে ভাল দাম পোৱা নাযাব । সেয়ে ,৩০ অক্টোবৰ তাৰিখে আমি ফণী তালুকদাৰক পদুম ফুলৰ ছবিত ভোট দি জয়যুক কৰিব লাগিব ।”-এইদৰে আজি ভৱানীপুৰত কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়-‘আমাৰ চৰকাৰে ১ লাখ চৰকাৰী চাকৰি মুকলি কৰিব । যোগ্যজনে এটকা নিদিয়াকৈ এই চাকৰিসমূহ পাব । অৰুণোদয়ৰ ধনো ৮৩০ ৰ পৰা ১০০০ টকা কৰা হ’ল আৰু পৰ্যায় ক্ৰমে এই ধন বৃদ্ধি কৰাও হ’ব । যিসকল দুখীয়া লোকৰ ৰেচন কাৰ্ড নাই ,তেওঁলোকক কাৰ্ড প্ৰদানৰো ব্যৱস্থা কৰা হ’ব লগতে যিসকল ৰেচনৰ দোকানীয়ে এতিয়াৰে পৰা ৰেচনৰ চাউল কাটে , তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ’ব । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰতো আমি কিছু হিতাধিকাৰী বঢ়োৱাৰ কথা ভাবিছোঁ । যিসকল দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ পোৱা নাই , সেইসকল লোকৰ বাবে নতুনকৈ জিঅ’ টেকৰ ব্যৱস্থা আমি কৰিম ।” বিটিআৰৰ ওপৰত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়-“যোৱা ছমাহৰ পৰা বিটিএডিত হুলস্থুলবোৰ কমি গৈছে । বন্দুক লোৱা মানুহবোৰ নোহোৱা হৈ সকলোৱে মিলিজুলি নতুন পৰিৱেশৰ সৃষ্টি হৈছে । বিটিএডিত যেতিয়া অশান্তি চলি আছিল , তেতিয়া আমি যোৱা ছমাহত শান্তিৰ পৰিৱেশ এটা গঢ়ি তুলিছোঁ । বিটিএডিত আমি মাটিৰ কামবোৰ সুস্থিৰভাৱে কৰিব পাৰিম এতিয়া । সেয়ে , ৰাইজ সাউদৰভিঠা , ভৱানীপুৰ অঞ্চলত উন্নতি কৰিবৰ বাবে বিজেপিক সমৰ্থনক কৰক । দ্বিতীয়তে আমি বড়ো ভাই-ভনী , আইসকলৰ বাবে বাথৌ মন্দিৰ এটাও বনাব লাগিব । শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে পঢ়া হাইস্কুলখনৰ উন্নয়নৰ বাবে তিনি কৌটি টকাৰ চৰকাৰী আঁচনি ঘোষণা আজি কৰিলোঁ । ইয়াৰ উপৰিও উজান বৰবড়ী গাঁওত এটা ৰাস মন্দিৰ-অপেন হ’ল , বৰটাৰীত পশু চিকিৎসালয় , আনন্দ বজাৰতো উন্নতি কৰা হ’ব ।” উল্লেখ্য যে , আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভৱানীপুৰ সমষ্টিৰ টাপা আৰু সাউদৰভিঠাত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা , বিটিআৰৰ ই এম গৌতম দাস , বৰপেটাৰ প্ৰাক্তন বিধান গুণীন দাস , ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাস , বিজেপিৰ উপ সভাপতি জয়ন্ত দাস , বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো , পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া , বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায় , অগপৰ কেন্দ্ৰীয় নেতা মৃণাল কলিতা , বিজেপি নেতা মনোজ বৰুৱা , বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী , অভিনেতা যতীন বৰাকে ধৰি একাংশ মিত্ৰজোঁটৰ নেতা মঞ্চত উপস্থিত থাকে ।