বিজ্ঞাপনতেই আবদ্ধ বিজেপি চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান , বিজেপি চৰকাৰে পাঁচ বছৰত বিজ্ঞাপন,হৰ্ডিঙৰ নামত খৰচ কৰিলে ৭ কোটি ৫৭ লাখৰোধিক টকা , তথ্য জনা অধিকাৰ আইনৰ তথ্যই উদঙাইছে বিজেপি চৰকাৰৰ স্বচ্ছতাৰ প্ৰকৃত স্বৰূপ , চাফাই কৰ্মী সকলক নুন্যতম গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী স্বেচ্ছাসেৱী সংগঠন সহায়ৰ

132

বিজ্ঞাপনতেই আবদ্ধ বিজেপি চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান , বিজেপি চৰকাৰে পাঁচ বছৰত বিজ্ঞাপন,হৰ্ডিঙৰ নামত খৰচ কৰিলে ৭ কোটি ৫৭ লাখৰোধিক টকা , তথ্য জনা অধিকাৰ আইনৰ তথ্যই উদঙাইছে বিজেপি চৰকাৰৰ স্বচ্ছতাৰ প্ৰকৃত স্বৰূপ , চাফাই কৰ্মী সকলক নুন্যতম গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী স্বেচ্ছাসেৱী সংগঠন সহায়ৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১১ নবেম্বৰ : পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ নামত বিজ্ঞাপন আৰু বেনাৰ হডিঙতে আবদ্ধ হৈ কোটি কোটি টকা খৰচ কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাত সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায়য়ে তথ্য জনা আইনৰ অধীনত লাভ কৰা তথ্যই স্বচ্ছতাৰ নামত ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বহুৱালিক প্ৰতিফলন ঘটাইছে । বিজেপি চৰকাৰে যোৱা পাঁচটা বছৰত স্বচ্ছ ভাৰত অভিযান পূঁজিৰে কেবল নগৰাঞ্চলতে বিজ্ঞাপন আৰু হৰ্ডিঙৰ নামত ব্যয় কৰিছে ৭ কোটি ৫৭ লাখ ১২ হাজাৰ ৬৬ টকা । কেবল বেনাৰ , হৰ্ডিং আৰু পোষ্টাৰৰ নামত ২ কোটি ১১ লাখ ৬২ হাজাৰ ৬৭৮ টকা ব্যয় কৰাৰ বিপৰীতে বিজ্ঞাপনৰ নামত পাঁচটা বছৰত ব্যয় কৰিছে ৫ কোটি ৪৫ লাখ ৪৯ হাজাৰ ৩৮৮ টকা । আনহাতে , বিজ্ঞাপন , বেনাৰ ,হৰ্ডিঙৰ জৰিয়তে স্বচ্ছতা আনিবলৈ চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ কোটি কোটি টকা ব্যয় কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁৱৰ অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সহায় ,অসমে” । উল্লেখযোগ্য যে , তথ্য জনা অধিকাৰ আইনৰ অধীনত মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনটোৱে স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্লোগান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত ২০১৬ চনৰ পৰা ২০২১ চনলৈ পাঁচটা বছৰত বিজ্ঞাপনৰ নামত হোৱা খৰচৰ খতিয়ান বিচাৰি আবেদন কৰিছিল । তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে সংগঠনটোৱে বিগত পাঁচটা বছৰত স্বচ্ছ ভাৰত অভিযান মিছন(নগৰাঞ্চল)ৰ বিজ্ঞাপন আৰু হৰ্ডিঙৰ নামত খৰচৰ তালিকা দেখি হতভম্ব হৈ পৰিছে সংগঠনটো । স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি ৰাজু মহন্তই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে , ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে যোৱা পাঁচটা বছৰত কেৱল বিজ্ঞাপন আৰু হৰ্ডিঙৰ নামত ৭,৫৭,১২০১২ টকা খৰচ কৰিলে, কিন্তু নগৰাঞ্চলত স্বচ্ছতাৰ পৰিবেশ বিৰাজ কৰাটো বাদেই নগৰ চাফা কৰা কামত নিয়োজিত চাফাই কৰ্মী সকলে প্ৰাপ্য মাননী লাভৰ পৰা বঞ্চিত হৈ আহিছে । বিজ্ঞাপনৰে ধন মোকলাই উদৰস্থ কৰা অভিযানত উবুৰি খাই পৰা চৰকাৰে চাফাই চাকৰি নিয়মীয়াকৰণ , চাফাই কৰ্মচাৰী জীৱন বীমা,পেঞ্চন আদি নুন্যতম সুবিধা দিয়াৰ ক্ষেত্ৰত দৃষ্টি দিবলৈ আহৰি নাপালে বুলি ক্ষোভ উজাৰে সহায়ৰ সভাপতি ৰাজু মহন্তই । উল্লেখযোগ্য যে , কভিড মহামাৰীয়ে সৃষ্টি কৰা ত্ৰাসৰ পৰিবেশতো চাফাই কৰ্মী সকলে নিজৰ জীৱনকো তুচ্চ কৰি নগৰাঞ্চলৰ চাফাই অভিযান অৱ্যাহত ৰাখিছিল । চাফাই কৰ্মী সকলৰ কথা ৰাজ্য চৰকাৰে গুৰুত্ব নিদি কেৱল বিজ্ঞাপন আৰু হৰ্ডিঙৰ নামত কোটি কোটি টকা খৰচ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণ , বীমা সুবিধা আদিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ সহায় অসমৰ সভাপতি ৰাজু মহন্তই ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।আনহাতে , মৰিগাঁও জিলাত স্বচ্ছ ভাৰত অভিযানৰ কোটি কোটি টকা ব্যয়ৰ নামত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।