বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত মৰিগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী , দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

294

বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত মৰিগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী , দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও, ২৩ ছেপ্তেম্বৰঃ বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণতান্ত্ৰিক আন্দোলনক অন্যায় ভাৱে দমন কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণ‍া কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ জিল‍া সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়ণ হোৱা ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বৃহৎ নদী বান্ধ নিৰ্মান কাৰ্য বন্ধ কৰক , গণতান্ত্ৰিক আন্দোলনক অন্যায় ভাৱে দমন কৰা গৃহ বিভাগ হায়ঃ হায় , চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰা উক্ত ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।