বোকাখাতত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি উপলক্ষে সভা

129

বোকাখাতৰ পৰা পলিমা বি চেতিয়া, ৩ আগষ্টঃ ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন সম্পর্কে আলোচনা কৰিবৰ বাবে আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত কৰা হয়। সম্পূর্ণ কোভিড১৯ ৰ নীতি-নির্দেশনাৰ মাজেৰে বিভিন্ন কাৰ্য্যসূচীৰে ৩ দিনীয়াকৈ বোকাখাত মহকুমাত এইবাৰৰ স্বাধীনতা দিৱস উদ্‌যাপন কৰা হব। স্বাধীনতা দিৱস উপলক্ষে ১৩ আগষ্ট তাৰিখে বোকাখাত টাউন তথা কহঁৰা চাৰিআলিত চাফাই অভিযান আৰু ১৪ আগষ্ট তাৰিখে বোকাখাতৰ বিভিন্ন এলেকাত গছ পুলি ৰোপণৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে। স্বাধীনতা দিৱস উপলক্ষে ছাত্র-ছাত্রীৰ মাজত বোকাখাত মহকুমাভিত্তিত কেতবোৰ অন-লাইন প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। “কোভিড ১৯ৰ বিৰুদ্ধে হৈ থকা যুদ্ধত স্বচ্ছ ভাৰত অভিযানৰ মুখ্য ভূমিকা” বিষয়-বস্তুৰ ওপৰত ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈকে দেৱাল অংকন প্রতিযোগিতা অনুষ্ঠিত হব। একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়লৈকে মুঠ ১০ টা দলে এই দেৱাল অংকন প্রতিযোগিতাত যোগদান কৰিব পাৰিব। প্ৰতিটো দলত কেৱল দুজনকৈ সদস্য থাকিব পাৰিব। ইচ্ছুক ছাত্র-ছাত্রীয়ে ৪ আগষ্টৰ ভিতৰত  ৯৭০৭৪-১৪০৫৫ আৰু ৭০০২১১১২০৮ নম্বৰত নিজৰ দলৰ নাম পঞ্জীয়ন কৰিব লাগিব। দুটা শাখাত অন-লাইন দেশ প্রেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। “ক”শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু “খ” শাখাত নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়লৈকে । দেশপ্রেমমূলক গীতৰ সময় ৩ মিনিট ধাৰ্য্য কৰা হৈছে। কবিতা আবৃত্তি প্রতিযোগিতা “ক” শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈকে (কবিতাঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “অসমীয়া ডেকাৰ উক্তি”) আৰু “খ” শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে (কবিতাঃ-কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ “হেৰ বিপ্লৱী বীৰ”) অনুষ্ঠিত হব।দেশপ্রেম মূলক গীত তথা কবিতা আবৃত্তি প্রতিযোগিতাত অংশ গ্ৰহণকাৰীসকলে ১০ আগষ্টৰ ভিতৰত কবিতা আবৃত্তি কৰা তথা দেশ প্রেমমূলক গীত গোৱাৰ ভিডিঅতে নিজৰ নাম-ঠিকনা তথা বিদ্যালয়ৰ নাম আৰু শ্রেণী উল্লেখ কৰি ৯৭০৭৪-১৪০৫৫ ৱাটছ এপ নম্বৰত প্ৰেৰণ কৰিব লাগিব। ৰচনা প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব । ক্রমে “ক” শাখাত ষষ্ঠ শ্রেণীৰ পৰা দশম শ্ৰেণীলৈকে আৰু “খ” শাখাত একাদশ শ্রেণীৰ পৰা স্নাতক পৰ্য্যায়লৈকে অনুষ্ঠিত হব । ৰচনা প্রতিযোগিতাৰ বিষয় দুটা হৈছে ১) “ঐতিহাসিক পটভূমিত বোকাখাত মহকুমা” আৰু ২)”বোকাখাতৰ পৰ্য্যটন ক্ষেত্ৰৰ আভাস ।” দুয়োটা শাখাৰ প্ৰতিযোগীয়ে উপৰোক্ত দুয়োটাবিষয়ৰ যিকোনো এটা বিষয়ত ৫০০ শব্দৰ ভিতৰত ৰচনা লিখি সম্পূর্ণ নাম ঠিকনাসহ মহকুমাধিপতি কাৰ্য্যালয়ৰ ই-মেইল আইডি bkt.sdoc@gmail.com ত ১০ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব । সকলোৱে অংশগ্ৰহণ কৰিব পৰাকৈ আয়োজন কৰা ফটোগ্রাফী প্রতিযোগিতাৰ বিষয়বস্তু হৈছে “আপোনাৰ দৃষ্টিৰে বোকাখাত” । ফটোগ্রাফী প্রতিযোগিতাত অংশগ্রহণকাৰীসকলে নিজৰ পচন্দ অনুসৰি ফটো তুলি কোনো ধৰণৰ এডিট নকৰাকৈ মূল ফটোকপি মহকুমাধিপতি কাৰ্য্যালয়ৰ ই-মেইল আইডি bkt.sdoc@gmail.com ত ১০ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব ৷ স্বাধীনতা দিৱস উপলক্ষে বোকাখাত সম্বন্ধীয় যিকোনো বিষয়ৰ ওপৰত পোষ্টাৰ অংকন প্রতিযোগিতাৰো আয়োজন কৰা হৈছে । দুটাকৈ শাখাত ক্রমান্বয়ে “ক” শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈকে আৰু “খ” শাখাত একাদশৰ শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়লৈকে অনুষ্ঠিত হবলগীয়া পোষ্টাৰ অংকন প্রতিযোগিতাত অংশগ্রহণকাৰীসকলে ১০ আগষ্ট বিয়লি ৫ বজাৰ ভিতৰত পোষ্টাৰসমূহ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্য্যালয়ত জমা দিব লাগিব । আজিৰ সভাত মহকুমাধিপতি গৰাকীয়ে স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্য্যসূচীৰ সফল ৰূপায়নৰ বাবে উপস্থিত সকলোৰে মতামত গ্রহণ কৰাৰ লগতে স্বাধীনতা দিৱসৰ প্ৰতিটো কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সমূহ বোকাখাতবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে । আজিৰ সভাত ৰাজহচক্র বিষয়া চৌভিক দত্ত , তিনিওগৰাকী সহকাৰী আয়ুক্ত ক্রমান্বয়ে বিক্ৰম নেৱাৰ , প্ৰাঞ্জল প্ৰাণ শ‍ইকীয়া , মনজিৎ দলে,ৰাজহচক্ৰ বিষয়া (সংলগ্ন) শ্বগুফতা অঞ্জুম চোহেলী প্রমুখ্যে বিভিন্ন দল সংগঠনৰ বিষয়া সদস্যসকল উপস্থিত থাকে ।