বৰপেটাত সম্পূৰ্ণ নিষিদ্ধ হ’ল পলিথিন, এবাৰে ব্যৱহাৰ হোৱা প্লাষ্টিক , প্লাষ্টিকৰ বটল, থাৰ্মোক’লৰ ব্যৱহাৰো বন্ধৰ নিৰ্দেশ

568

বৰপেটাত সম্পূৰ্ণ নিষিদ্ধ হ’ল পলিথিন, এবাৰে ব্যৱহাৰ হোৱা প্লাষ্টিক , প্লাষ্টিকৰ বটল, থাৰ্মোক’লৰ ব্যৱহাৰো বন্ধৰ নিৰ্দেশ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , বৰপেটা, ২৬ আগষ্ট : অৱশেষত পূৰ্বৰ ঘোষণা অনুসৰিয়ে আজিৰে পৰা বৰপেটা ‌জিলাত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক অথবা পলিথিন সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে । জিলা দণ্ডাধীশ তেজ প্ৰসাদ ভূচালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এই সম্পৰ্কত নিষেধাজ্ঞা জাৰি কৰিছে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে , প্লাষ্টিকে আমাৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা খনৰ প্ৰাকৃতিক পৰিবেশৰ সুৰক্ষাৰ স্বাৰ্থতে এই প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে । সেই অনুসৰি , এতিয়াৰে পৰা জিলাখনত দশমিক ৫০ মাইক্ৰোণতকৈ পাতল আকাৰৰ পলিথিনৰ থোঙা,বেগ বা এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা , বিক্ৰী কৰা, জমা ৰখা বা সৰবৰাহ কৰাটো আইন অনুসৰি দণ্ডনীয় হ’ব । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এই সম্পৰ্কত জিলা উপায়ুক্ত‌ই জিলা খনৰ ব্যৱসায়ী সকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । জিলা প্ৰশাসনৰ এনে পদক্ষেপত ব্যৱসায়ী মহলে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দি ইতিপূৰ্বে ক্ৰয় কৰা পলিথিনৰ সামগ্ৰী সমূহ শেষ কৰালৈ ১০ দিনৰ সময় বিচাৰিছিল । ইতিমধ্যে নিৰ্ধাৰিত সময় উকলি যোৱাত আজি উপায়ুক্তই এই কঠোৰ নিৰ্দেশ জাৰি কৰে । কোনো লোকে এই নিৰ্দেশ অমান্য কৰিলে ফৌজদাৰী কাৰ্যবিধিৰ ১৮৮ নং ধাৰা অনুসৰি দণ্ডনীয় হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে । বৰপেটাক পলিথিন মুক্ত জিলা ৰূপে গঢ় দিয়াৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছে । ইফালে , এই নিৰ্দেশ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ উপায়ুক্ত গৰাকীয়ে বৰপেটা,সৰ্থেবাৰী,বৰপেটা ৰোড,সৰভোগ আৰু হাউলী পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়াসকলক নিৰ্দেশ দিছে । আনকি থাৰ্মোক’লৰ ব্যৱহাৰো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।