বৰপেটাৰ ভেল্লাত গঠন বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ 

130
বৰপেটাৰ ভেল্লাত গঠন বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ
দুৰ্নীতিৰ  দৰ্পণ সেৱা , ভেল্লা , ১৯ আগষ্টঃ  বৰপেটাৰ ভেল্লাত আজি বৃহস্পতিবাৰে গঠন হল বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ । আজিজুল হকক সভাপতি , মৌচম নাজিমক সাধাৰণ সম্পাদক আৰু চাইজুৰ ৰহমানক সম্পাদক হিচাপে মনোনীত কৰি প্ৰায় ২১ জনীয়া সদস্যৰে গঠন হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ । বৰপেটাৰ ভেল্লা অঞ্চলৰ সাংবাদিক, লেখক, প্ৰৱন্ধকাৰ, সমাজকৰ্মীক লৈ গঠন হয় এই প্ৰেছ ক্লাৱটো । ভেল্লাৰ ৫১৭ নং দ্বৰ্গাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত গঠন হয় এই প্ৰেছ ক্লাৱ । সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা ভেল্লা আঞ্চলিক ইংলিছ স্কুলৰ অধ্যক্ষ আনোৱাৰ হুছেইনে । সমিতিত সেখ ৰহমত উল্লাহ আৰু গীতাঞ্জলি শৰ্মাক উপ সভাপতি , মুকুট আলীক কাৰ্যালয় সম্পাদক , নেকিবুৰ ৰহমানক কোষাধ্যক্ষ, ছফিক আহমেদ , মফিদুল হক , ৰিদুল আলী , অংশুমান শৰ্মাৰ লগতে কেইবাগৰাকী ব্যক্তিক সদস্য হিচাপে লৈ গঠন কৰা হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ । উল্লেখযোগ্য যে , সমাজৰ যিকোনো বিপৰ্য্যয়, অভাৱ, অসুবিধা, সমস্যা , অভিযোগ, ব্যক্তি সুচিন্তা, সুকৰ্ম, প্ৰতিভা, সাফল্য আদি ক্ষেত্ৰৰ বাতৰি পৰিবেশন কৰি চৰকাৰ , প্ৰশাসন আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাত ভেল্লা অঞ্চলৰ সাংবাদিকৰ ভূমিকা লেখতলবলগীয়া । এনে ক্ষেত্ৰত আজি গঠিত প্ৰেছ ক্লাৱে বৃহত্তৰ ভেল্লা অঞ্চলৰ সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া এটি অভাৱ পূৰণ কৰিলে বুলি সমিতিয়ে মতপোষণ কৰে । ভেল্লা অঞ্চলৰ শৈক্ষিক , বৌদ্ধিক, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্ৰৰ উত্তৰোত্তৰৰ বাবে সামাজিকভাৱে দ্বায়িত্বশীল জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে ভেল্লাৰ সাংবাদিক সকলে নিৰন্তৰ আৰু যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৱ বুলি বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হকে কয় । প্ৰেছ ক্লাৱ পৰিচালনাৰ এই সমিতিখনত আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদক মূখ্য উপদেষ্টা , ধনী  আলীক আইন উপদেষ্টা হিচাপে মনোনীত কৰা হয় । সভাত বৰপেটা জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস , ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ জিলা সভাপতি সেখ ৰহমত উল্লাহ , লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মজিবৰ ৰহমান , প্ৰৱন্ধকাৰ দীপক কুমাৰ দাস , ড০ বাণীকান্ত কাকতি সাহিত্য সভাৰ সভাপতি ইউচুফ আলী আহমেদ , উদীয়মান সমাজকৰ্মী নেকিবুৰ ৰহমান , ভেল্লা বজাৰ পৰিচালনা সমিতিৰ অজিত বসাক , বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মা , ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিদুল আলী , পূৱ বৰপেটা মটৰ চালক শ্ৰমিক সন্থাৰ সভাপতি বাবুল আলী , ভেল্লা মদ , জুৱা নিবাৰণী সমিতিৰ খায়ৰত আলী , প্ৰাক্তন আছু নেতা বাহাদুৰ হুছেইন , খন্দকাৰপাৰা সমাজ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক চান মহম্মদৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।