বৰপেটা ৰোডৰ খৈৰাবাড়ী তিনি আলিত মুকুলিকৈ চলিছে জুৱা আৰু তীৰৰ টিকট বিক্ৰী , আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ 

140
বৰপেটা ৰোডৰ খৈৰাবাড়ী তিনি আলিত মুকুলিকৈ চলিছে জুৱা আৰু তীৰৰ টিকট বিক্ৰী , আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ২৫ আগষ্টঃ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোড চহৰৰ গাত লাগি থকা বৃহত্তৰ অঞ্চল হৈছে খৈৰাবাড়ী । সম্প্ৰতি সময়ত খৈৰাবাড়ী গাওঁ খনৰ জনসংখ্যাৰ পৰিমাণ অতি ঘন আৰু আৰ্থিক দিশতো গাওঁ খন কিছু আগুৱাই গৈছে । আনকি গাওঁখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত একাংশ স্বাভলম্বি ব্যক্তিয়ে সমাজৰ কিছু ব্যক্তিক সংস্থাপন দিবলৈ গঢ়ি তুলিছে কিছুমান ক্ষুদ্ৰ উদ্যোগ । পিছে ইয়াৰ দ্বাৰাও গাওঁ খন কিছু আগুৱাই গৈছে । ইপিনে , এটা শ্ৰেণীৰ লোকে নিজৰ সন্তানক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই লোৱাৰ ক্ষেত্ৰত যথাযথ চেষ্টা কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে , এনে পৰ্যায়ত একাংশ অসাধু লোকে বৃহত্তৰ খৈৰাবাড়ী অঞ্চলৰ তিনি আলি চ’কটো জোৱাৰ ঘাটিত পৰিণত কৰিবলৈ আৰম্ভ কৰিছে । আনহাতে , খৈৰাবাড়ী তিনি আলিৰ ড: নাৰায়ণ চন্দ্ৰ ঘোষৰ ভাড়াটীয়া হিচাপে থাকি শ্যামল আৰ্য্য নামৰ লম্পট জনে চলাই গৈছে এই অবৈধ জুৱা খেল আৰু তীৰৰ টিকট বিক্ৰীৰ ৰমৰমীয়া মুকলি বেহা । উল্লেখ্য যে , ড: নাৰায়ণ চন্দ্ৰ ঘোষৰ পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগতে এই অবৈধ কাৰ্য সংগঠিত কৰি আহিছে বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে । তদুপৰি শ্যামল আৰ্য্য আৰু ফজৰ আলী নামৰ ব্যক্তি দুজনে দিনে নিশাই জুৱা আৰু তীৰৰ টিকট খৈৰাবাড়ী তিনি আলিৰ এটা স্থানত বহি প্ৰতি দিনে-নিশাই বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে । সম্প্ৰতি ইয়াক লৈ সচেতন মহলে শংকিত হৈ পৰাৰ লগতে নৱ প্ৰজন্মক আৰু নিজ সন্তানক লৈ চিন্তাম্বিত ৰোগত ভূগিবলগীয়া পৰিছে স্থানীয় ৰাইজ । কিন্তু অতিকৈ চিন্তাৰ বিষয় যে , কেনেকৈ মুখ্য পথৰ সন্মুখত বহি প্ৰতিদিনে এই জুৱা আৰু তীৰৰ টিকট বিক্ৰী কৰা এক সমাজ বিৰোধী চলাই থকা এক অনৈতিক কাৰ্যই সকলোকে ভবাই তুলিছে । সম্প্ৰতি এইক্ষেত্ৰত বৰপেটা ৰোড আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে , সেয়া সময়ত লক্ষণীয় হ’ব ।