ভবানীপুৰ কুছিয়াঝাৰত পোষণ অভিযানৰ কাৰ্যসূচী ৰূপায়ণ

114

ভবানীপুৰ কুছিয়াঝাৰত পোষণ অভিযানৰ কাৰ্যসূচী ৰূপায়ণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ ৰ উপলক্ষে আজি ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত কলবাৰী চক্ৰৰ কুছিয়াঝাৰ গাওঁস্থিত ২৭ নং বাংলীপাৰা অংগনৱাদী কেন্দ্ৰত পোষণ মাহৰ বিভিন্ন কাৰ্যসূচীৰ লগতে এখনি পোষণ বাগিছাৰ উদ্বোধন কৰা হয় । এই পোষণ বাগিছাখন উদ্বোধন কৰাৰ কৰে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিনাৰাণী দেৱীয়ে । ইয়াৰ পাছতে আয়োজিত পোষণ মাহৰ সজাগতামূলক এখন সভাত পোষণ অভিযানৰ ভৱানীপুৰ খণ্ড সমন্বয়ক বিভূৰঞ্জন ভৰালীয়ে কেন্দ্ৰীয় চৰকাৰে প্রস্তুত কৰা পোষণ মাহৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা কৰি কয় যে , পোষণ মাহ অভিযানৰ মূল উদ্দেশ্য হ’ল তিনিটা । পোষণ বাগিছা স্থাপন কৰি প্রসূতি-গৰ্ভাৱতী মাতৃ , শিশুক উপকাৰী পাচলি আদি ঘৰতে উৎপাদন কৰা যাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰ হোৱা পাচলি আদি তেওঁলোকে খাব লগা নহয় । আনহাতে , তেওঁলোকক শাৰিৰীক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে যোগ আৰু আয়ূষৰ ব্যৱহাৰ । লগতে আন এটা উদ্দেশ্য হৈছে অতি পুষ্টিহীনতাত ভোগা সকলক বিচাৰি উলিয়াই তেওঁলোকৰ বাবে উচিত পৰিচৰ্যা প্রদান কৰা । সজাগতামূলক সভাখনত প্রকল্প বিষয়া বিনাৰাণী দেৱী , কলবাৰী পঞ্চায়তৰ সভাপতি পুলক বৈশ্য , স্বাস্থ্য কৰ্মচাৰীদ্বয় ভনীতা দাস , চন্দনা দেৱী , সাংবাদিক কাশ্যপ চৌধুৰী , পোষণ অভিযানৰ ভৱানীপুৰ খণ্ডৰ সহকাৰী সমন্বয়ক বিশালজ্যোতি বায়ন , কলবাৰী চক্রৰ মুখ্য সেৱিকা শিখাৰাণী লহকৰ চৌধুৰী , স্থানীয় সমাজকৰ্মী সতীশ চন্দ্ৰ বসুমতাৰী , লংকেশ্বৰ খেৰকটাৰীয়ে অতিথি হিচাপে ভাষণ প্রদান কৰে । পোষণ অভিযানৰ কাৰ্যসূচীসমূহ ৰূপায়ণত আঁত ধৰে অংগনাৱাদী কৰ্মীদ্বয় উষা দাস আৰু জ্যোণ্সা গয়াৰীয়ে । আনহাতে , উল্লেখযোগ্য যে , উক্ত অনুষ্ঠানত থলুৱাভাৱে উৎপাদন কৰা পাচলি আৰু পুষ্টিৰ বাবে প্রয়োজনীয় অন্যান্য খাদ্য সামগ্ৰীৰ এখন প্রদৰ্শনীৰো আয়োজন কৰা হয় ।