ভাঙৰ ৰাগীত বালিজুৰিত তাণ্ডৱ অৰুণাচলী যুৱকৰ , দুই যুৱকক আটক ইটাখোলা আৰক্ষীৰ

54

ভাঙৰ ৰাগীত বালিজুৰিত তাণ্ডৱ অৰুণাচলী যুৱকৰ , দুই যুৱকক আটক ইটাখোলা আৰক্ষীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৮ আগষ্টঃ মদ,ভাঙ,ড্ৰাগছত আশক্ত হৈ এচাম যুৱকে সমাজত প্ৰায়ে উশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বহু অমানবীয় ঘটনা সংঘটিত হৈ আহিছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ সমীপবৰ্ত্তী বালিজুৰিত ৷ দুজন অৰুণাচলী যুৱকে শিৱ থানত ভাঙ খাবলৈ আহি শিৱ থানৰ খুটা ভাঙি দিয়ে বালিজুৰিত ৷ শণিবাৰে পুৱা বালিজুৰিস্থিত এজন বৃদ্ধৰ শিৱৰ থানত অৰুণাচলী যুৱক দুজনে ভাঙৰ ৰাগীত মাতালহৈ অত্যাচাৰ কৰে ৷ বৃদ্ধই শিৱ থানত ভাং নাইকিয়া বুলি কোৱাত যুৱক দুজন খঙত জ্বলি-পকি বৃদ্ধক মাৰিবলৈ চোচা লোৱাৰ লগতে ভাঙি দিয়ে থানৰ খুটা ৷ পাচত স্থানীয় যুৱকে অৰুণাচলী যুৱক দুজনক আৱদ্ধ কৰি ইটাখোলা আৰক্ষীক গটাই দিয়ে ৷ ইটাখোলা আই চি স্যামল নেওগৰ তৎপৰতাত আৰক্ষীয়ে যুৱক দুজনক আটক কৰে ৷ আটকাধীন যুৱক দুজনৰ নাম ৱাংজিদ ৱাংচন আৰু কাৰ্চা ডলৈ আৰু দুয়োৰে ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে ৷