ভৱানীপুুুৰ সমষ্টিত জলজীৱন আঁচনি মুকলি

115
ভৱানীপুুুৰ সমষ্টিত জলজীৱন আঁচনি মুকলি
দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ৭ আগষ্ট : আজি বজালী জিলাৰ ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে সমষ্টিটোৰ অন্তৰ্গত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দ্বাৰা জল জীৱন মিছনৰ অধীনত নিৰ্মিত ৬ খন পানী যোগান আঁচনি ক্ৰমে কৰাগড়ী পথাৰ , গলিয়া , সৰুপেটা , বাংটি , হাঠিনাপুৰ আৰু পূৰণ ভৱানীপুৰ পানী যোগান আঁচনিৰ পৰা নলযোগে ঘৰে ঘৰে পানী যোগানৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বজালী জিলাৰ সহকাৰী আয়ুক্ত আয়াজ তনবিৰ আলম , সৰুপেটাৰ সংলগ্ন চক্ৰ বিষয়া জোনালী ৰাভা , ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু , গলিয়া গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম , বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্ত , পাঠশালা জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ সহঃ কাৰ্যবাহী অভিযন্তা নিতুল তালুকদাৰ ।