মন্ত্ৰী অশোক সিংঘলৰ অশ্বক্লান্ত দেৱালয় পৰিদৰ্শন , নন্দীল বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে ভোগ বিতৰণ

82

মন্ত্ৰী অশোক সিংঘলৰ অশ্বক্লান্ত দেৱালয় পৰিদৰ্শন , নন্দীল বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে ভোগ বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা,পঙ্কজ নাথ,চাংসাৰি,২৭ আগষ্টঃ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মাজগাওঁত অৱস্থিত ৬০০ বছৰ অতিক্ৰম কৰা এখনি ঐতিহাসিক দেৱালয় । অসমৰ পবিত্ৰ গয়া তীৰ্থ ৰূপে খ্যাত এই দেৱালয় । সংৰক্ষণ আৰু চৰকাৰী অবহেলাৰ বাবে গুৱাহাটী মাজ মজিয়াৰ পূৰাণ প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয় জহি খহি জৰাজীৰ্ণ অৱস্থাত আছিল । শেহতীয়া কৈ দেৱালয়খনৰ পুনৰ নিৰ্মাণ বাবে বিভিন্ন বিভাগবোৰে আগভাগ লোৱা পৰিলক্ষিত হৈছে । প্ৰত্নতত্ত্ব বিভাগৰ নীতি নিৰ্দেশনা পালন কৰি পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে । এই কাম অগ্ৰগতি বুজ লোৱা উদ্দেশ্যে কালি ২৬ আগষ্ট বৃহস্পতিবাৰে সন্ধিয়া অসম চৰকাৰৰ গৃহ,নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘলে দেৱালয়খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কামকাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া বৰ্গই এই নিৰিক্ষণ প্ৰক্ৰিয়াত ভাগ লয় । দেৱালয় পৰিচালনা সমিতিৰ দলৈ লক্ষেশ্বৰ শৰ্মাই মন্ত্ৰী গৰাকীক দেৱালয়খন সমস্যাৰাজি খুটিনাটি অৱগত কৰাই শীঘ্ৰেই অশ্বক্লান্ত দেৱালয়ক বিশ্বমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাই স্মাৰক পত্ৰ জ্ঞাপন কৰিছে । দেৱালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষেশ্বৰ শৰ্মা জানিবলৈ দিয়া মতে , আজি দেৱালয় বিশেষ ভোগ উচৰ্গা কৰা হয় । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দীল বিশ্ব শৰ্মাৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰি এই ভোগ আগবঢ়াইছিল তেখেতৰ মাতৃ ৰিনিকি ভূঞা শৰ্মাই । ইয়াৰ উপৰিও অহা ৩০ আগষ্টত দেৱালয় অনুষ্ঠিত হব লগীয়া কৃষ্ণ জন্মাষ্ঠমী ভোগৰ সমষ্ট ব্যয় বহন কৰিব ৰিনিকি ভূঞা শৰ্মাই বহন কৰিব বুলি জানিব পৰা গৈছে ।