মহাজোঁটত তিতা কেৰেলা এ আই ইউ ডি এফ , বিজেপিৰ বিৰুদ্ধে যুঁজিব কংগ্ৰেছ আৰু ৰাইজৰ দলে

127

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ,৬আগষ্টঃ অৱশেষত ৰাইজৰ দলৰ প্ৰস্তাৱক সহাৰি জনালে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাই। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে প্ৰস্তাৱ দিছিল যে মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটত চামিল হ’ব। কোনো সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। পলমকৈ হ’লেও অখিল গগৈৰ এই প্ৰস্তাৱক যেন সহাৰি জনালে কংগ্ৰেছে। এইবাৰ বিজেপিৰ বিৰুদ্ধে যুঁজিব কংগ্ৰেছ আৰু ৰাইজৰ দলে। দুয়ো দলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হ’ল।উপ-নিৰ্বাচনত দুয়ো দলে একেলগে যুঁজত নামিব বিজেপিৰ বিৰুদ্ধে।আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল দুয়ো দলৰ নেতাৰ বৈঠক। উপ-নিৰ্বাচনত কেনেদৰে প্ৰাৰ্থীত্ব আগবঢ়াব সেই সম্পৰ্কে কোনো আলোচনা হোৱা নাই যদিও দুয়ো দলে যে বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজিব সেয়া স্পষ্ট হৈ পৰিছে দুয়ো দলৰ নেতাৰ মন্তব্যত। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাই মহাজোঁটত এ আই ইউ ডি এফ দলক তিতা কেৰেলাৰ দৰে তিতা কৰি তুলিব সেয়া এক প্ৰকাৰ নিশ্চিত।