মহামায়া গেটত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোছেনৰ অৰাজনৈতিক সজাগতা সভা , বিজেপি চৰকাৰৰ হিটলাৰী শ্বাসনৰ বিৰুদ্ধে নীৰব থাকক , অন্যথাই আত্মৰক্ষাৰ স্বাৰ্থত মাৰবান্ধি থিয় দিয়ক

378

মহামায়া গেটত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোছেনৰ অৰাজনৈতিক সজাগতা সভা , বিজেপি চৰকাৰৰ হিটলাৰী শ্বাসনৰ বিৰুদ্ধে নীৰব থাকক , অন্যথাই আত্মৰক্ষাৰ স্বাৰ্থত মাৰবান্ধি থিয় দিয়ক

দুৰ্নীতিৰ দৰ্পণ ,বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইন , ষ্টাফ ৰিৰ্পটাৰ , ১৫ ছেপ্তেম্বৰঃ মানৱতাৰ সৈতে গণতন্ত্ৰক জিন্দা চিতাত ঠেলি দি মানুহৰ বাক স্বাধীন কাঢ়ি লোৱা বিজেপি চৰকাৰৰ বিৰুদ্বে প্ৰতিবাদী মূখৰ হওক , অন্যথাই নীৰৱে থাকক । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোছেনৰ ।

আজি সন্ধিয়া ৬ বজাত পৰ্বতঝোৰাৰ মহামায়া গেটৰ মাকৰ আৰ্শিবাদ হোটেলত এই সভা অনুষ্ঠিত হয় । ধুবুৰী জিলা পৰিষদৰ সভাপতি আশাদুৰ ৰহমানৰ তৎপৰতাত অনুষ্ঠিত অৰাজনৈতিক সজাগতা সভাখনত মন্ত্ৰী ৰকিবুলৰ সৈতে গোলকগঞ্জৰ বিধায়ক , হাইকোৰ্টৰ অধিবক্তা এন আই চৌধুৰীয়ে উপস্থিত থাকি বৰ্তমান অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ পৰিস্থিতি সংক্ৰান্তে বিস্তাৰিত বাবে আলোক পাত কৰে ।

আনহাতে , মন্ত্ৰী ৰকিবুল হোছেনে বিজেপি চৰকাৰ আৰু ইউ ডি এফ দলৰ কুটিল ৰাজনিতি ফাদিল কৰে । ইউ ডি এফ দলে বিজেপিৰ এজেন্ট হৈ কাম কৰি থকাত মহাজোটৰ পৰা ওলাই দিয়া হৈছে । অসমৰ মুখ্য মন্ত্ৰী হৈ আমাৰ মানুহ বুলি কোৱা কথাত কি সূচায় ? অৰ্থাৎ হিমন্ত বিশ্ব অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি? বুলি ৰকিবুলে কটাক্ষ কৰে । আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলিত মাটি নাই , যাৰ বাবে কংগ্ৰেছৰ পৰা বিধায়ক ধাৰ লৈ আগন্তক ধুমুহাক ৰোধ কৰাৰ প্ৰয়াস চলাইছে । কিন্ত পৰিতাপৰ বিষয় , অসম চৰকাৰে হাইকোৰ্ট আনকী চুপ্ৰীম কোৰ্টৰ নিৰ্দেশনাক বৃদ্বাঙুলী দেখুৱাই এন আৰ চি আৰু ভুমি অধিকাৰত হস্তক্ষেপ কৰি ভয়ানক ষড়যন্ত্ৰ ৰচি আহিছে বুলি উল্লেখ কৰে ।