মাজনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ মহা অভিযান , গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ৪৫৩ টা মাটিৰ দালালক আটক

134

মাজনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ মহা অভিযান , গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ৪৫৩ টা মাটিৰ দালালক আটক

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয় সমূহৰ পৰা মাটিৰ দাললসকলক গামোচা পিন্ধাই বিদায় দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যত দালালৰাজ শেষ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো অব্যাহত আছিল দালালৰ দপদপনি । যাৰ পৰিণতিত সোমবাৰে নিশা ৰাজ্যজুৰি আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে দালালৰ বিৰুদ্ধে চলালে অভিযান । মাজনিশা কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩ টা দালাল । এই দালাল সকলৰ ভিতৰত আছে কেইবাজনো ৰাজনৈতিক নেতা তথা বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ লোক । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অসম আৰক্ষীৰ এই বৃহৎ অভিযানৰ বাবে ধন্যবাদ জনায় আৰু পুনৰ দালাল সকলক সকীয়াই দিয়ে । উল্লেখ্য যে , গুৱাহাটী , কামৰূপ , নগাঁও , ধুবুৰী , হোজাই , ডিব্ৰুগড় , বঙাইগাঁও , যোৰহাট , হাজো , চামগুৰি, ৰূপহীহাট, গৌৰীপুৰ আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজনিশা দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে । এই অভিযান কালত কামৰূপ জিলাৰ পৰা ৫০ জন মাটিৰ দালালক আটক কৰিছে কামৰূপ আৰক্ষীয়ে । উত্তৰ গুৱাহাটী , ছয়গাঁও, পলাশবাৰী, চাংসাৰী, বাইহাটা, হাজো, বকো, গৌৰীপুৰ থানাত ৰখা‌ হৈছে আটকাধীন মাটিৰ দালাল‌ কেইটাক । কামৰূপ জিলাত ৬০০ ৰো অধিক দালালৰ তালিকা প্ৰস্তুত কৰি অভিযান আৰম্ভ কৰিছে কামৰূপ আৰক্ষীয়ে । হাজোত মাটিৰ দালালীৰ অভিযোগত ৩ জন স্থানীয় বিজেপি নেতাও জালত পৰিছে । হাজোত মুঠ ৯ টা মাটিৰ দালালক আটক কৰা হৈছে আৰু ভিতৰত শংকৰ দাস (দুখু,জিয়াউল হক আৰু মনচুব আলী বিজেপিৰ কৰ্মী বুলি জানিব পৰা গৈছে । জালত পৰা আন দালাল কেইটা হৈছে দিলীপ দাস,দেৱজিৎ দাস,তৰণি দাস, নিৰঞ্জন পাটোৱাৰী , নাছিৰ শইকীয়া , আইনাল হক । গুৱাহাটীতো নিশা দালাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চ , হাতীগাঁও আৰক্ষী আৰু দিশপুৰ আৰক্ষীয়ে অভিযান চলায় । ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা ১১/২১ গোচৰৰ ভিত্তিত ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ শ্ৰীমন্ত চৌধুৰী নামৰ দালাল জনৰ গৃহ নং ১১ত চলায় অভিযান । এই অভিযানকালত জব্দ কৰা হয় শতাধিক মাটিৰ ফাইল । অভিযান চলোৱা সময়ত দালাল শ্ৰীমন্ত চৌধুৰী বহি ৰাজ্যত থকা বুলি জানিব পৰা গৈছে । হোজাই জিলাত জালত পৰিছে ২৬ টা দালাল । হোজাই থানাত ৯ টা , ডবকা থানাত ৪ টা , লংকা থানাত ৪ টা , যমুনামুখ থানাত ৪ টা আৰু মোৰাঝাৰ থানা এলেকাত ৫ টা দালালক নিশাই আটক কৰা হৈছে । আটাকাধীন দালাল কেইটাৰ ভিতৰত আছে মাটিৰ দালালীৰ লগতে আৰক্ষীৰ নামত দালালী কৰা দালাল আছে । আনহাতে , নগাঁও জিলাত বৰ্তমানলৈকে ১৬ টা দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰূপহী ৰাজহ চক্ৰৰ ৰাণা বৰা নামৰ এজন কৰ্মচাৰীৰ লগতে নজৰুল ইছলাম আৰু ৰঞ্জিত ভুঞা নামৰ দুজন চৰকাৰী গাঁওবুঢ়াও আছে ধৃতসকলৰ মাজত । নগাঁও সদৰ ৰাজহ চক্ৰত দালালিৰ অভিযোগত ৰমজান নুৰ আৰু অজয় সাহাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত দালালৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ দলিল আৰু আপত্তিজনক কাগজ-পত্ৰ জব্দ কৰিছে আৰক্ষীযে । চামগুৰি খাটোৱালৰ কুখ্যাত মাটি দালাল আব্দুল মালেকক নিশা ১২ বজাত আটক । মালেকৰ হাতৰ পৰা উদ্ধাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ লগতে বিভিন্ন চৰকাৰী বিষয়াৰ ছীল ।ইপিনে , বঙাইগাঁৱত ৰাজহ চক্ৰ কাৰ্যালয়ৰ দলালৰ বিৰুদ্ধে অভিযান চলাই জিলাখনত আৰক্ষীয়ে আটক কৰিছে ১৪ টা দালাল । গ্ৰেপ্তাৰ কৰা ১৪ টাৰ ভিতৰত মাণিকপুৰত ৬ , অভয়াপুৰীত ৩ , বইটামৰীত ২ আৰু বঙাইগাঁৱৰ ৩ টা দালাল আছে । মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতে মাটি দালাল তথা ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যোৰহাট আৰক্ষীও । সোমবাৰে নিশা যোৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৯ টা মাটিৰ দালাল । আৰক্ষীয়ে আটক কৰা দালালকেইটা হ’ল মনজিৎ চাংমাই , ধৰণী চেতিয়া , পঙ্কজ বৰুৱা , জ্ঞানমনি বৰবৰা , দীপ নেওগ , দিগন্ত গগৈ, বিজয় বৰা, চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা । ইপিনে , সমগ্ৰ ধুবুৰী জিলাত নিশা আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ধুবুৰী , গৌৰীপুৰৰ আৰু চাপৰত ২০ জন লোকক আটক কৰিছে । হোজাইত আলী ৰাজা নামৰ হোজাইৰ আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকক মাটিৰ দালালি কৰাৰ অভিযোগত আটক কৰা হৈছে । মৰিগাঁও জিলাত বিভিন্ন স্থানৰ পৰা ২৭ টা মাটিৰ দালালক আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে । শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই মাজনিশা আটক কৰে ৫ টা দালালক ।