মাণিকপুৰত ঘোষিত ৰাজহ চক্ৰৰ কাম কাজ আৰম্ভ , দীৰ্ঘদিনীয়া দাবী বাস্তবায়িত,উৎফুল্লিত মাণিকপুৰবাসী

104

মাণিকপুৰত ঘোষিত ৰাজহ চক্ৰৰ কাম কাজ আৰম্ভ , দীৰ্ঘদিনীয়া দাবী বাস্তবায়িত,উৎফুল্লিত মাণিকপুৰবাসী

দুৰ্নীতিৰ দৰ্পণ , মাণিকপুৰ, ১৭ আগষ্টঃ বঙাইগাঁও জিলাৰ মাণিকপুৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া আন্দোলন আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই অৱশেষত অসম চৰকাৰে মাণিকপুৰত প্ৰস্তাবিত ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম কাজ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মানিকপুৰ মহকুমা দাবী সমিতি”য়ে এক প্ৰেছ বিবৃতি যোগে জনোৱা মতে বি,টি,এ,ডি গঠনৰ পিছতে বিজনী মহকুমাৰ অন্তৰ্গত ৮৩ খন ৰাজহ গাওঁ বি,টি,এ,ডিৰ বাহিৰত থকাত উক্ত ৰাজহ গাওঁ সমূহক লৈ বঙাইগাঁও, বৰপেটা আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ অন্তৰ্গত বৃহত্তৰ মাণিকপুৰ অঞ্চলত সুকীয়াকৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লগতে মহকুমা গঠনৰ যুক্তিযুক্ততা আৰু প্ৰাসংগিক হৈ পৰে। পৰৱৰ্তী সময়ত বঙাইগাঁও জিলা প্ৰশাসন তথা তদানীন্তন কেবাজনো উপায়ুক্তই মাণিকপুৰত ৰাজহ চক্ৰ কাৰ্যালয় গঠনৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে যদিও অসম চৰকাৰে বিষয়টো আওকাণ কৰি ২০১৩ চনত এই ৮৩ খন ৰাজহ গাওঁক বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ লগত চামিল কৰাত জাঙুৰ খাই উঠে মাণিকপুৰৰ বিভিন্ন দ’ল সংগঠনৰ লগতে ৰাইজ। পৰৱৰ্তী সময়ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাণিকপুৰৰ বহু দ’ল সংগঠন একত্ৰিত হৈ ৰাইজে প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ লগতে “মাণিকপুৰ মহকুমা দাবী সমিতি”য়ে বিষয়টো সন্দৰ্ভত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ লগত চামিল কৰণৰ সিদ্ধান্ত খাৰিজ কৰাৰ লগতে ন্যায়ালয়ে এক সুকীয়া ৰায়যোগে অসম চৰকাৰক মাণিকপুৰত ৰাজহ চক্ৰ কাৰ্যালয় গঠনৰ বাবে স্পষ্ট নিৰ্দেশ দিয়াত অসম চৰকাৰে ৩ মাৰ্চ,২০১৬ চনত “মাণিকপুৰ ৰাজহ চক্ৰ” ঘোষনা কৰে। কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰী ঘোষনাৰ পিছতো কাৰ্যালয় স্হাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো কাৰ্যব্যৱস্থা নোলোৱাত তদানীন্তন উপায়ুক্ত বাবুলাল শৰ্মাৰ প্ৰস্তাবৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ত আন এক গোচৰ দাখিল কৰাত ন্যায়ালয়ে এই গোচৰৰ ভিত্তিত ১৬ ছেপ্তেম্বৰ,২০১৯ চনৰ এক ৰায়যোগে মাণিকপুৰ ৰাজহ চক্ৰৰ বাবে ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰী নিযুক্তি দিয়াৰ বাবে অসম চৰকাৰক স্পষ্ট নিৰ্দেশনা দিয়াত সেই নিৰ্দেশনা অনুযায়ী ৩০ ডিচেম্বৰ, ২০১৯ চনত অসম চৰকাৰে ৰিতীমণি দাসক ৰাজহ চক্ৰ বিষয়া হিচাপে নিযুক্তি দিয়ে যদিও কৰ’না মহামাৰীকে ধৰি বিভিন্ন কাৰণত কাৰ্যালয়টো স্থানান্তৰ কৰাত স্থবিৰতা আহি পৰে যদিও অৱশেষত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ তৎপৰতাত বিষয়টো গুৰুত্ব লাভ কৰাৰ ফলতে দীৰ্ঘদিন স্থগিত হৈ থকা কাৰ্যালয়টো স্থানান্তৰ কৰি ১৬ আগষ্টত মাণিকপুৰত থকা গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলা চৌহদত ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম কাজ শুভাৰম্ভ কৰা হয়। এই দীৰ্ঘদিনীয়া আইনীযুঁজ আৰু সংগ্ৰামৰ অন্তত ৰাজহ চক্ৰ কাৰ্যালয়টো পাবলৈ সক্ষম হোৱাত মাণিকপুৰবাসী ৰাইজ আনন্দিত আৰু উৎফুল্লিত হৈ পৰে। “মাণিকপুৰ মহকুমা দাবী সমিতি”য়ে ৰাজহ চক্ৰটো গঠনাৰ্থে সহায়-সহযোগীতা আগবঢ়োৱা বিভিন্ন স্তৰৰ ৰাইজ, বিষয়া-কৰ্মচাৰী, আইনজীৱি, দ’ল সংগঠনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।