মাণিকপুৰত ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন

72

মাণিকপুৰত ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ , মাণিকপুৰ, ১৫ আগষ্টঃ সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰাজহুৱাভাৱে ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। ৰাতিপুৱা ৭-৩০ বজাত বিভিন্ন কাৰ্যালয়, স্কুল, কলেজ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে মাণিকপুৰ ৰাজহ বিভাগৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে মাণিকপুৰ ৰাজহ চক্ৰ বিষয়া ৰিতীমনী দাসে। ইয়াৰ পিছতে মাণিকপুৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত আৰু মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত মাণিকপুৰত প্ৰতিবছৰে ৰাজহুৱাভাৱে পালন কৰি অহা মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত স্বাধীনতা দিৱস পালন কৰা হয়। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী হিচাবে শ্বহীদ বেদীত মাল্যাৰ্পন কৰে মাণিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ জলেশ্বৰ পাঠকে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ৰিতীমনী দাসে, তেওঁ পতাকা উত্তোলন কৰি ভাষনত কয় যে মাণিকপুৰ বাসীৰ প্ৰস্তাবিত ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম কাজ ১৬ আগষ্টৰ পৰা মাণিকপুৰ পৰিদৰ্শন বাংলাত (ৰাজহ বিভাগৰ অস্থায়ী কাৰ্যালয়ত) আৰম্ভ কৰা হব বুলি ঘোষনা কৰে। আজিৰ এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা “স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা” শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলোক বটা প্ৰদান কৰা হয়। ইয়াৰোপৰি নৃত্য অনুষ্ঠানৰো আয়োজন উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যৰ শিল্পী বৃন্দ ময়ূৰীমা দাস, যুক্তামণি নাথ আৰু কুমকুম ৰায়ে নৃত্য পদৰ্শন কৰে।