মানকাচৰত লোক নিৰ্মাণ বিভাগৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ ছেমিনাৰ

116

মানকাচৰত লোক নিৰ্মাণ বিভাগৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ ছেমিনাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,মানকাচৰ,১১ আগষ্ট : দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ লগতে সংগতি ৰাখি আজি মানকাচৰৰ এ লতিফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানকাচৰৰ লোক নিৰ্মাণ বিভাগৰ স্বাধীনতাৰ অমৃত মহোৎসৱ ছেমিনাৰ অনুষ্ঠিত কৰা হয় ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ অধীনত হোৱা প্ৰতিটো পথৰ খতিয়ান আৰু কৰিবলৈ কামৰ বিষয়ে আলোচনা কৰা হয় । জিলা খনত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কৰা কাম বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে মানকাচৰৰ লোক নিৰ্মাণ বিভাগে । আন্তৰাষ্ট্ৰীয় আৰু আন্ত ৰাজ্যিক সীমা মূৰীয়া অঞ্চল মানকাচৰত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কাম কৰা এক প্ৰত্যাহ্বান বুলিও উল্লেখ কৰে মানকাচৰৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক গৰাকীয়ে। জিলা খনত বানপানীৰ সমস্যা হৈছে এটা ডাঙৰ সমস্যা এই বানপানীয়ে জিলা খনত লোক নিৰ্মাণ বিভাগৰ কামৰ মূল হেঙাৰ হিচাপে থিয় দিয়ে যদিও সকলো বাধা নেওচি মানকাচৰৰ লোক নিৰ্মাণ বিভাগে কাম কৰাত সফল হৈছে বুলিও উল্লেখ কৰে । মেঘালয়ৰ গাতে লাগি থকা মানকাচৰ সমষ্টিত প্ৰতি বছৰেই বিস্তৰ ক্ষয় ক্ষতিৰ কৰে । বিশেষকৈ মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে লোক নিৰ্মাণ বিভাগৰ পথত তাণ্ডৱ চলোৱা দেখা যায় । এনে ধৰণৰ সমস্যাক আওকান কৰি জিলাখনত প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনা সফল ৰুপ দিবলৈ সক্ষম হৈছে মানকাচৰৰ লোক নিৰ্মাণ বিভাগে । দেশৰ ৭৫ তম স্বাধীনতা দিৱস লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী গ্ৰাম সড়কৰ অধীনত থকা পথৰ দুয়োফালে ১২ জুলাইৰ পৰা ১৮ জুলাই লৈকে বৃক্ষ ৰোপন কাৰ্যসূচী আৰম্ভ কৰিছিল মানকাচৰৰ লোক নিৰ্মাণ বিভাগে । জিলাখনত প্ৰায় ৬০০ টা গছপুলি ৰোপন কৰিছে । আজিৰ স্বাধীনতাৰ অমৃত মহোৎসৱ ছেমিনাৰৰ অনুষ্ঠানত উপস্থিত থাকে মানকাচৰৰ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্ত মানকাচৰ সমষ্টিৰ বিধায়কৰ নমনীয়-ফৰিদুল হক বাপ্পি প্ৰাক্তন বিধায়ৰ-জাবেদ ইছলাম কাকৰিপাৰা জিলা পৰিষদৰ সদস্যা-হাছিনা ইছলাম , ফেকামাৰী জিলা পৰিষদৰ সদস্যাৰ অভিভাৱক-ৰফিকুল ইছলাম , সুখচৰ জিলা পৰিষদৰ সদস্যাৰ অভিভাৱক আবু ইউছুব জাকাৰিয়া , জেষ্ঠ্য সমাজ সেৱক আশ্ৰাফ হোছেইন মানকাচৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক পদ্ম নন্দ চৌধুৰী,কাৰ্য্যকৰী অভিযন্তা-জোগমোহন বসুমতাৰী কনিষ্ঠ অভিযন্তা ছানোৱাৰ হোছেইনৰ লগতে মানকাচৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী,পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু বিশিষ্ট সমাজ সেৱক সকলোৱে অংশ গ্ৰহণ কৰে।