মানৱ সম্পদ গঢ়াত শিক্ষকৰ ভূমিকা আটাইতকৈ বেছিঃ মেঘ নিধি দাহাল , শিৱসাগৰ যুৱদলত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬০ সংখ্যক শিক্ষক দিৱস উদ্‌যাপন

233

মানৱ সম্পদ গঢ়াত শিক্ষকৰ ভূমিকা আটাইতকৈ বেছিঃ মেঘ নিধি দাহাল , শিৱসাগৰ যুৱদলত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬০ সংখ্যক শিক্ষক দিৱস উদ্‌যাপন

দুৰ্নীতিৰ দৰ্পণ, অমৃত কুমাৰ শৰ্মা , ৮ ছেপ্তেম্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি ৬০ সংখ্যক শিক্ষক দিৱসটি এক আড়ম্বৰপূৰ্ণ পৰিৱেশত উদ্‌যাপন কৰা হয় । শিৱসাগৰ বৰপুখুৰীপাৰৰ সমীপৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্য্যসূচী অসম সংগীত পৰিবেশনেৰে আৰম্ভ কৰা হয় । বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা সভাৰ সভাপতি মেঘ নিধি দাহালে । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰ । অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ নীলিমা ভাগৱতী আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্ত । মুখ্য অতিথিৰ ভাষণত ডঃ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে কয় যে , শিক্ষক-ছাত্ৰই একেলগে আগবাঢ়িলেহে দেশ নিৰ্মাণ সম্ভৱ হ’ব । লগতে শিক্ষা খণ্ডত দেখা দিয়া প্ৰত্যাহ্বান সমূহক সম্ভাৱনীয়তালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত শিক্ষক সকলে গুৰুত্ব দিয়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ সম্পৰ্কতো কেইবাটাও গুৰুত্বপূৰ্ণ দিশ তেখেতে ব্যাখ্যা কৰে । বিশিষ্ট অতিথি হিচাপে প্ৰদান কৰা ভাষণত সাংসদ তপন কুমাৰ গগৈয়ে কয় যে , গুৰুসকলে জ্ঞান দিয়াৰ বাবেই আমি প্ৰত্যেকেই সমাজত চিনাকি দিব পাৰিছো । সেয়েহে, শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া উচিত । আনগৰাকী বিশিষ্ট অতিথি ডঃ সৌমাৰ জ্যোতি মহন্তই শিক্ষকতা বৃত্তিকেই মানৱ জীৱনৰ শ্ৰেষ্ঠ বৃত্তি বুলি মত প্ৰকাশ কৰে । আনহাতে , নিজ বক্তব্যত জিলা উপায়ুক্ত মেঘ নিধি দাহালে মানৱ সম্পদেই আটাইতকৈ শক্তিশালী সম্পদ বুলি উল্লেখ কৰাৰ লগতে এই সম্পদ গঢ়াত শিক্ষকৰ ভূমিকা আটাইতকৈ বেছি বুলি কয় ৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা চাৰিখন গ্রন্থও এই সভাতেই উন্মোচন কৰা হয় । অধিবিদ্যা পৰিষদৰ উদ্যোগত প্ৰকাশিত “বিদ্যালয় ইতিবৃত্ত” গ্রন্থখনি উপাচাৰ্য্য ডঃ অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে, “শিক্ষকতা জীৱনৰ দীঘ আৰু বাণী” গ্ৰন্থখনি সাংসদ তপন কুমাৰ গগৈয়ে, “বিদ্যালয়ৰ সংগীত” উপায়ুক্ত মেঘ নিধি দাহালে আৰু শিক্ষক দিৱস উদ্‌যাপন সমিতিৰ দ্বাৰা প্ৰকাশিত “প্রবুদ্ধ যাত্ৰা” গ্ৰন্থখনি অধ্যাপিকা ডঃ নীলিমা ভাগৱতীয়ে উন্মোচন কৰে । উল্লেখ যে,উক্ত অনুষ্ঠানতেই জিলাখনৰ ১৬ গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,আৰু ১২ গৰাকী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হয় । আনহাতে , ১৬ গৰাকী শিক্ষকক পাৰদৰ্শী বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটিত এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ পৰা বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী ৰূপদা দুৱৰাক এককালীন সহায্যৰ চেক প্ৰদান কৰা হয় । অনুষ্ঠানটিত Council for Teacher Education Foundation -ৰ অসম শাখাই শিক্ষক দিৱসৰ দিনটোতেই ইন্দিৰা মিৰি জিলা শিক্ষক বঁটা আগবঢ়ায় থানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা বিশিষ্ট লেখিকা,সাহিত্য সংগঠক স্বর্ণ জ্যোতি বৰুৱা বৰবৰাক । এই বঁটা প্ৰদান পৰ্বটি পৰিচালনা কৰে ফাউণ্ডেচনটিৰ প্ৰতিনিধি শিক্ষাবিদ অৰ্চনা শৰ্মা আৰু কাকলি বৰঠাকুৰে । বঁটাটিৰ তাৎপৰ্য্য আৰু ইন্দিৰা মিৰিৰ জীৱন সম্পৰ্কে আলোকপাত কৰে ফাউণ্ডেচনটিৰ অধ্যক্ষা ডঃ নীলিমা ভাগৱতীয়ে । একেটা অনুষ্ঠানতেই ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ উদ্যোগত কলা উৎসৱ ২০২০-২১ -ত অসমৰ হৈ অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থী অধ্যাপ্ৰিয়া দত্ত,ধৃতি প্ৰজ্ঞা ফুকন,প্ৰদ্যুম্ন দত্ত আৰু তত্বাৱধায়ক ইলুমিনা বৰাক মানপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানটিত শিৱসাগৰ জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰে বিশিষ্ট চিকিৎসক ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে । শেষত ৰাষ্ট্রীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভ সামৰণি পৰে ।