মাৰ্ঘেৰিটাত শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়া বৰুৱা ১৯১ সংখ্যক স্মৃতিচাৰণ সভা

79

মাৰ্ঘেৰিটাত শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়া বৰুৱা ১৯১ সংখ্যক স্মৃতিচাৰণ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ২৪ ছেপ্টেম্ব : মাৰ্ঘেৰিটাত শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়া বৰুৱা দেৱৰ ১৯১ সংখ্যক মৃত্যুতিথি উপলক্ষে স্মৃতিচাৰণ সভাৰ আয়োজন । সভাত পিয়লি ফুকনক প্ৰথম শ্বহীদ হিচাপে ঘোষণা কৰাৰ দাবী চৰকাৰক । পিয়লী ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়া বৰুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ কৰি দুয়োজনাৰ ত্যাগ আৰু আদৰ্শক আহোম সম্প্ৰদায়ৰ মাজত জীয়াই ৰখাৰ স্বাৰ্থত আজি মাৰ্ঘৰিটাৰ উত্তৰ মাৰ্ঘেৰিটা ৰংঙ্গমঞ্চত সদৌ অসম আহোম সভাৰ সৌজন্যত তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আহোম সভাৰ উদ্যোগত শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়া বৰুৱা দেৱৰ আজি দিন জোৰা কাৰ্য্যসুচীৰ লগতে এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । আজি পুৱাতে সৰ্বপ্ৰথম আহোম সম্প্ৰদায়ৰ জাতীয় পতকা উত্তোলন , স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, কোৰাচ, তাই আহোম সকলৰ পৰম্পৰাগত নৃত্যৰ পাছতে মুকলি সভা অনুষ্ঠিত হয় । কেইবাজনো বক্তাই মুকলি সভাত অসমীয়া বীৰ শ্বহীদ পিয়লি ফুকন আৰু বীৰ শ্বহীদ জিউৰাম দুলিয়া বৰুৱাৰক শ্ৰদ্ধাৰে স্মৰণ কৰে । আজিৰ এই সভাখনত পাঁচজনকৈ সমাজৰ বিশিষ্ট ব্যক্তিক সম্ভৰ্ধনা জনোৱা হয়।