মিঠাতেল অবিহনে জ্বলিব দুঘন্টাৰো অধিক সময় , দীপাৱলী উপল্যক্ষে জামুগুৰিহাটৰ এক বিশেষ চাকিৰ প্ৰতি আগ্ৰহ বাঢ়িছে ৰাইজৰ

113

মিঠাতেল অবিহনে জ্বলিব দুঘন্টাৰো অধিক সময় , দীপাৱলী উপল্যক্ষে জামুগুৰিহাটৰ এক বিশেষ চাকিৰ প্ৰতি আগ্ৰহ বাঢ়িছে ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৪ নৱেম্বৰঃ আজি পোহৰৰ উৎসৱ দীপাৱলী । কিন্তু দীপাৱলীৰ সময়ত মিঠাতেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে । ৰাজ্যত দেখা দিয়া অত্যাধিক মিঠাতেলৰ দাম বৃদ্ধিৰ সময়ত যাতে মিঠাতেলৰ চাকি জ্বলাই অধিক ধন খৰচ কৰি পোহৰৰ উৎসৱ দ্বিপান্দীতা উদযাপন কৰিব লগা নহয় , তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটৰ কেইগৰাকীমান মহিলাই বজাৰলৈ ওলিয়াই দিছে এক বিশেষ চাকি । জীৱিকা আত্মসহায়ক গোটৰ দহ গৰাকী মহিলাই নিজা চিন্তাৰে জামুগুৰিহাটৰ বজাৰলৈ উলিয়াই দিয়া বিশেষ চাকিটো মিঠাতেলৰ অবিহনে দুঘন্টাৰো অধিক সময় ধৰি জ্বলি থাকিব। এই চাকিটো এক বিশেষ মম জাতিয় পদাৰ্থৰে নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে দহ হাজাৰ চাকি তৈয়াৰ কৰা গোটটোৱে ইতিপূৰ্বে ছয় হাজাৰ চাকি বিক্ৰী কৰিছে । চাকৰি উপৰিও এই কেইগৰাকী মহিলাই নিজা চিন্তাৰে বজাৰলৈ উলিয়াই দিছে থলুৱাভাৱে উৎপাদিত ধূপ আৰু ফুলদানি । পোহৰৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বজাৰলৈ উলিয়াই দিয়া এই বিশেষ চাকিৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।