মুখ্যমন্ত্ৰীক গামোচা ,শৰাই , চেলেং চাদৰেৰে আদৰণি , উত্তৰ গুৱাহাটী সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন উন্মোচন

117

মুখ্যমন্ত্ৰীক গামোচা ,শৰাই , চেলেং চাদৰেৰে আদৰণি , উত্তৰ গুৱাহাটী সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি, ২৪ ছেপ্টেম্বৰ : উত্তৰ গুৱাহাটী সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনটি কালি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কালি বিয়লি ভাগত উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত উত্তৰ গুৱাহাটী সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনটি বন্তি প্ৰজ্বলন , ফিটা কাটি দ্বাৰ মুকলি কৰাৰ লগতে ভৱন উদ্ধোধনৰ ফলক খনো মুকলি কৰে । মুখ্যমন্ত্ৰী গৰাকীক গামোচা , শৰাই আৰু চেলেং চাদৰেৰে আদৰণি জনোৱা হয় । উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সম্পাদক মধুসুধন মেধিয়ে মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ লগতে উত্তৰ গুৱাহাটী সাহিত্য সভাৰ তৰফৰ পৰা উত্তৰ গুৱাহাটীৰ বৰেণ্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ , এটি অত্যাধুনিক পুথিভৰাল নিৰ্মাণ আৰু উত্তৰ গুৱাহাটীৰ ঐতিহাসিক স্থান সংৰক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰে । উত্তৰ গুৱাহাটী সাহিত্য সভাই দিনজোৰা বিভিন্ন কাৰ্য্যসূচিৰে নৱনিৰ্মিত ভৱন উদ্ধোধন সভা অনুস্থিত কৰে । পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী ৰাতুল বৰুৱাই । ইয়াৰ পিছত চিৰ চেনেহী ভাষা জননী গীত টিৰে সভা আৰম্ভ কৰে । সভাত কবিতা পাঠ আৰু গীত মাতেৰে অনুষ্ঠানটো জীপাল কৰি তুলে অনাতাঁৰ শিল্পী তথা অধ্যাপিকা বন্তি বৰা দত্ত , কেশৱ তালুকদাৰ , ধীৰেশ্বৰ বড়ো , পিংকুমনি চৌধুৰী , জ্যোৎস্না দেৱী আৰু শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য আচাৰ্যাসকলে । এই গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৌৰি কাকতি,কুলেন বড়ো,ড০ ঈশাংকুৰ শ‌ইকীয়া , মুকুটেশ্বৰ গোস্বামী , দীনেশ চন্দ্ৰ শৰ্মা , বৃন্দালী দেৱী,সৰলা চাংকাকতি, বিপুল চাংকাকতি,উত্তৰ গুৱাহাটীৰ সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ,সম্পাদক ৰূপক ডেকা প্ৰমুখ্যে উত্তৰ গুৱাহাটীৰ ভালেমান গন্য মান্য ব্যক্তি উপস্থিত থাকে ।