মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে ২৪৮৯ টা গঁড়ৰ খৰ্গ , হোম-যজ্ঞৰে বৈদিক ভাৱে সম্পন্ন কৰা হ’ল এই কাৰ্য

37

মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে ২৪৮৯ টা গঁড়ৰ খৰ্গ , হোম-যজ্ঞৰে বৈদিক ভাৱে সম্পন্ন কৰা হ’ল এই কাৰ্য

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , ২২ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত আজি বোকাখাতত দাহ কৰা হ’ল ২৪৮৯ টা গঁড়ৰ খৰ্গ ৷ হোম-যজ্ঞৰে বৈদিকভাৱে সম্পন্ন কৰা হ’ল এই কাৰ্য ৷ অসমৰ ৭ টা জ’নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩ টা গঁড়ৰ খৰ্গৰ ভিতৰৰ ২৪৮৯ টা খৰ্গ দাহন কৰা হ’ল বোকাখাতত । আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই সমূহ খৰ্গ দহন কৰা হয় । খৰ্গ দাহনৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰা হৈছিল । ২৪৮৯ টা দাহন কৰা গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মাণ কৰা হ’ব এটা পূৰ্ণাংগ গঁড় । কংক্ৰীট আৰু পোৰা খৰ্গৰ ছাঁইৰে নিৰ্মাণ কৰা হ’ব এই গঁড়টো ।