মুখ্যমন্ত্ৰীৰ আগমনকলৈ দুই উপায়ুক্তক লগত লৈ সমষ্টি পৰিভ্ৰমন বিধায়ক পদ্ম হাজৰিকাৰ , মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু চতিয়া সমষ্টিবাসী

138

মুখ্যমন্ত্ৰীৰ আগমনকলৈ দুই উপায়ুক্তক লগত লৈ সমষ্টি পৰিভ্ৰমন বিধায়ক পদ্ম হাজৰিকাৰ , মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু চতিয়া সমষ্টিবাসী

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৯ আগষ্টঃ চতিয়া সমষ্টিলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনকলৈ তৎপৰহৈ উঠিছে চতিয়া সমষ্টিবাসীৰ লগতে বিধায়ক পদ্ম হাজৰিকা ৷ শণিবাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰীয়ে পৰিভ্ৰমণ কৰিবলগা ৰঙাচকুৱা , মৰিসুতি , বালিজুৰি অঞ্চলৰ সমগ্ৰ পৰিৱেশ পৰিস্থিতিৰ বুজ লয় ৷ মুখ্যমন্ত্ৰীৰ পদাপৰ্নক লৈ উৎসাহিত হৈ পৰা দেখা গৈছে বালিজুৰিবাসীক ৷ এই উদ্দেশ্যৰে শণিবাৰে পূৱা বালিজুৰি ব্যৱসায়িক কেন্দ্ৰত স্থানীয় ৰাইজে এক চাফাই অভিযানো চলায় ৷ বিধায়ক গৰাকীয়ে বালিজুৰি ব্যৱসায়ী কেন্দ্ৰত এক পথ সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কথা দি কথা ৰখাৰ লগতে এই অঞ্চলৰ ৰাইজৰ প্ৰতিস্ৰুতি পূৰণ কৰা বুলি মন্তৱ্য কৰে ৷ মনকৰিবলগীয়া যে , অহা ২ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীয়ে ৫০ কোটীৰে নিৰ্মান হোৱা টুপীয়া বালিজুৰি সংযোগী এটি পথ উন্মোচন কৰাৰ লগতে বালিজুৰিত এটি চিকিৎসাকেন্দ্ৰ আৰু মাৰ্কেটিং কমপ্লেক্সৰ শুভ উদ্ধোধন কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷