মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযান চলালে কয়াকুছিস্থিত ছাইবৰ ৰহমানৰ বাসগৃহত

106

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযান চলালে কয়াকুছিস্থিত ছাইবৰ ৰহমানৰ বাসগৃহত

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২৬ আগষ্টঃ আজি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত উপস্থিত হয় মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ এটা দল ৷ প্ৰাক্তন এ ডি ছি ছাইবৰ ৰহমানৰ কয়াকুছিস্থিত বাসভৱনত অভিযান চলায় মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দলটোৱে । তদাৰকী শাখাই অভিযান চলোৱাৰ পিছত প্ৰাক্তন এ ডি ছি ছাইবৰ ৰহমানৰ নামত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ৪১ খন ঠাইত মাটি সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহে ৷ ধুবুৰীৰ প্ৰাক্তন এ ডি ছি ছাইবৰ ৰহমানৰ সম্পত্তিৰ তালিকা দেখি হতভম্ব হৈ পৰে অভিযানকাৰী দলটোৱে ৷ এই মাটি সম্পত্তি কৰাৰ উৎসৰ লগত উপাৰ্জনৰ সামঞ্জস্য নথকা পৰিলক্ষিত হৈছে ৷