মুখ্যমন্ত্ৰীৰ সমষ্টিত শিলভাজা উদ্যোগ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ

112

মুখ্যমন্ত্ৰীৰ সমষ্টিত শিলভাজা উদ্যোগ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ২৫ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰুবাকাত এটা শিল ভাজা উদ্যোগৰ সন্মুখত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত সৰু বাকাত অৱস্থিত শিলভজা উদ্যোগটোৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সৰু বাকাত ভীষণ প্ৰদূষণৰ সৃষ্টি কৰা উদ্যোগটোৰ পৰা নিৰ্গত ধোঁৱা আৰু দুৰ্গন্ধই জীৱকুলৰ লগতে মানুহৰ জীৱনলৈয়ো প্ৰৱল ভাবুকি আনিছে বুলি প্ৰতিবাদকাৰী ৰাইজে উদ্যোগটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ উদ্যোগটোৰ গাতে লাগি থকা শিলিগুৰি জানত হোৱা প্ৰদূষণৰ ফলত তাৰ পানী খাই গৰু-ছাগলীৰ মৃত্যু হোৱা বুলিও অভিযোগ প্ৰতিবাদী ৰাইজৰ ৷ ৰাণা জামান নামৰ এজন অসাধু ব্যৱসায়ীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমিত স্থাপন কৰা এই উদ্যোগটোৱে তাৰ গাতে লাগি থকা দীৰ্ঘেশ্বৰী মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰা বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ অভিযোগকাৰী সকলে ২০১৮ চনত স্থাপন কৰা এই উদ্যোগটোৰ বিৰুদ্ধে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ নকৰাৰ গুৰুতৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰী ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজে আজি শিলভজা উদ্যোগটো তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ কামৰূপ জিলা উপায়ুক্তৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷ উদ্যোগটো সম্পূৰ্ণ ভাৱে বন্ধ নোহোৱা পৰ্যন্ত স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জানিব পৰা গৈছে ৷