মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ চৰকাৰ , মৰিগাঁও সদৰ আছুৰ তীব্ৰ প্ৰতিবাদ , বিজেপি চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন ব্যৰ্থ

128
মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ চৰকাৰ , মৰিগাঁও সদৰ আছুৰ তীব্ৰ প্ৰতিবাদ , বিজেপি চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন ব্যৰ্থ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২১ আগষ্ট : ৰাজ্যখনত পেট্ৰল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জনসাধাৰণক এক প্ৰকাৰে কোঙা কৰি পেলাইছে । মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আজি মৰিগাঁও সদৰ আছুয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে । সদৰ আছুৰ সভাপতি কমল মহন্ত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰণৱ বৰ্মনৰ নেতৃত্বত আজি দিনৰ ভাগত চহৰখনৰ মাজ মজিয়াত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ , অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক , ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক , মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লগানেৰে মৰিগাঁও চহৰৰ মুল ৰাজপথত উত্তাল কৰি তোলাৰ লগতে ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় । মৰিগাঁও সদৰ আছুৰ সভাপতি কমল মহন্তই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত কয় যে –কৰণাই বিধ্বস্ত কৰা মধ্যবিত্ত শ্ৰেণীটোৰ লগতে দিনহাজিৰা কৰা , পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী , অ’ট-ৰিক্সা-ঠেলা চালক , ধোৱা , দৰ্জী নাপিত আদিৰ দৰে দুখীয়া পৰিয়ালে যেনেতেনে দুবেলা দুমুঠি খাই জীয়াই আছিল । তাৰ পাছত পৰিবৰ্তনকামী চৰকাৰৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে । চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কটী দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু দিনহাজিৰা কৰা দেউতাক এজনে স্কুটীত ১০০ টকা লিটাৰৰ মূল্য পেট্ৰল ভৰাব নে ঘৰ খনলৈ ১৮০-২০০ টকা লিটাৰৰ মিঠাতেল কিনি আনিব বুলিও সদৰ অ‍াছুৰ সভাপতি গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে । আনহাতে , মৰিগাঁও সদৰ আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰণৱ বৰ্মনে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে- চৰকাৰ খনে কলা বেপাৰী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰাত ব্যৰ্থ হৈছে বাবেই মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে । চৰকাৰে ইয়াৰ বিপক্ষে অনতিপলমে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু দুখীয়া মানুহক সকাহ দিব লাগে বুলি আছুৰ নেতা গৰাকীয়ে মন্তব্য কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে অংশ গ্ৰহণ কৰি মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মৰিগাঁও আছুয়ে মন্তব্য প্ৰকাশ কৰে । ইপিনে , চৰকাৰক অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও সদৰ আছুয়ে দাবী জনায় । মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হ’লে মৰিগাঁও সদৰ আছুয়ে ধাৰাবাহিক ভাবে তীব্ৰ আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয়ে ।