মেট্ৰিকৰ ফলাফলক লৈ গোলাঘাটত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ বিক্ষোভ

169

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৫ আগষ্ট : গোলাঘাটত খ্ৰীষ্টিয়ান হাই স্কুলত আজি পুৱাৰ পৰাই উদ্ভৱ  হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ জানিব পৰা মতে , খ্ৰীষ্টিয়ান হাই স্কুল চৌহদত পুৱাৰ পৰাই ভিৰ কৰে একাংশ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল ৷ গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত পুৱাৰে পৰা হুলস্থূলীয়া পৰিৱেশ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকণত বিসংগতিৰ অভিযোগ ছাত্র-ছাত্ৰীৰ অভিভাৱকৰ । মুঠ ২৩ গৰাকী ছাত্র-ছাত্ৰীৰ ১৫ গৰাকীয়েই অনুত্তীৰ্ণ বিদ্যালয়খনত । বিগত সময়চোৱাত শৈক্ষিক দিশত ভাল ফলাফল দেখুওৱা ছাত্র-ছাত্ৰীক বিসংগতিপূৰ্ণ মূল্যাংকণৰ জৰিয়তে অনুত্তীৰ্ণ কৰোৱাৰ অভিযোগ অভিভাৱকসকলৰ । তেওলোকে জনোৱা অনুসৰি , এফালে মূল্যাংকণ ব্যৱস্থা সম্পৰ্কে অভিভাৱকক জনোৱাম বুলি কোৱাৰ পাছতো বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক গৰাকীয়ে আঁতৰি থকাৰো অভিযোগ অভিভাৱকসকলৰ ।