মোৰাঝাৰত ব্ৰাউন ছুগাৰসহ দুজনক গ্ৰেপ্তাৰ

157

মোৰাঝাৰত ব্ৰাউন ছুগাৰসহ দুজনক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ১১ আগষ্টঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে আজি অভিযান চলাই দুই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ বৰবালি অকচেক গাঁৱত মোৰাঝাৰ আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা দুই ধৃত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে বহু সংখ্যক নিষিদ্ধ নিচাযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰীৰ পৰা দহটা ব্ৰাউন ছুগাৰ ভৰ্তি বৃহৎ কনটেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । ঘটনাৰ বিবৰণী মতে , হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাই মোৰাঝাৰ আৰক্ষীৰ সহযোগত আজি দুপৰীয়া প্ৰায় দুইমান বজাত বৰবালিৰ অকচেক গাঁৱত এক গোপন সু্ত্ৰ লাভ কৰি অভিযান চলাই জব্দ কৰে ১০ টা চাবোনৰ কেইচ ভৰ্তি ব্ৰাউন ছুগাৰ । আটকাধীন ধৃত দুই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী ক্ৰমে বৰবালি অকচেক গাঁৱৰ বাসিন্দা কুতুব উদ্দিন আৰু ৰমিজ উদ্দিন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ জানিব পৰা মতে , উদ্ধাৰকৃত নিচাযুক্ত সামগ্ৰী খিনিৰ মূল্য ১০-১৫ লাখ টকা হব বুলি অনুমান কৰা হৈছে । হোজাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিৎ দূৱৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । বৰ্তমান অভিযুক্ত দুয়োকে মোৰাঝাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিব দিয়ে । লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে এই ড্ৰাগছ বিৰুদ্ধে অভিযানত ৰাইজৰ সহায় সহযোগিতা কামনা কৰি এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে ৷ এই ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহব বুলি সংবাদ মাধ্যমৰ সন্মূখত স্পষ্টী ভাৱে মত প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিৎ দুৱৰাই ।