মৌচম সোনোৱাললৈ “উদ্দিপনা বঁটা” , ঘোষণা কৰিলে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে

81

মৌচম সোনোৱাললৈ “উদ্দিপনা বঁটা” , ঘোষণা কৰিলে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ২৯ আগষ্ট : পেলনীয়া সামগ্ৰী থামকলৰ পৰা এক লাখ জাপি আৰু এক লাখ শৰাই নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ সম্পূৰ্ণ পুহি ৰাখিছিল জকাই মৌচম সোনোৱালে আমি ইয়াৰ ওপৰত দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতত পূৰ্বতে বাতৰি পৰিবেশন কৰি আহিছিলো আৰু সহায়ৰ হাত আগবঢ়াবলৈ বহু হৃদয়বান লোকক আহ্বান জনাইছিলো আৰু বহু হৃদয়বান লোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু বহু লোকে সামৰ্থ্য অনুসৰি সহায় কৰিছিল । যদিও সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে মৌচম সোনোৱালৰ বাসগৃহ উপস্থিত হৈ পৰিষদৰ তৰফৰ পৰা সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰত্যেক বৰ্ষতে খেলুৱৈ,সাংবাদিক,সাহিত্যক,ছাত্ৰ নেতা,গাঁওবুঢ়া,সমাজসেৱক,চিত্ৰশিল্পী আদিক “উদ্দিপনা” বঁটা প্ৰদান কৰি আহিছে । এইবাৰ চলিত বৰ্ষত চিত্ৰশিল্পীৰ হৈ মৌচম সোনোৱালক উদ্দিপনা বঁটা প্ৰদান কৰা কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে । বঁটা ঘোষণা খবৰ পোৱাৰ পাছতে মৌচম সোনোৱালৰ বাসগৃহত ছাত্ৰ ছাত্ৰী , অভিভাৱক আৰু অঞ্চলৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । পুত্ৰৰ এই সু-সংবাদ পোৱাৰ পাছতে পিতৃ-মাতৃ,ভাতৃয়ে আনন্দত আত্মহাৰা হৈ পৰা দেখা যায় । আনহাতে , মৌচম সোনোৱালৰ উদ্দিপনা বঁটাৰ ঘোষণা খবৰ বিয়পি পৰাৰ পাছতে একালৰ শিক্ষাগুৰু তথা কৃৰ্তী শিক্ষক সমীৰণ কুমাৰ দাসে শুভেচ্ছা জ্ঞাপন কৰে । মৌচম সোনোৱালৰ এই জয়যাত্ৰাৰ সপোন বাস্তৱত পৰিণত হক আমিও দুৰ্নীতিৰ দৰ্পণ কাকতৰ পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।