মৰঙিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , কেক কাটি মোদীৰ জন্মদিন উদযাপন

82

মৰঙিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , কেক কাটি মোদীৰ জন্মদিন উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা,জানমনি দও ,নুমলীগড় , ১৮ চেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এসত্তৰ সংখ্যক ওপজা দিনটোৰ লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰা মেগা ভেক্‌চিনেশ্যন কেম্পৰ সময়তে গোলাঘাটৰ মৰঙিত উপস্থিত হয়হি গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাত চলি থকা কোভিড টীকাকৰণ কেম্পসমূহ পৰিদৰ্শন কৰি মৰঙিৰ ৰঙাজানস্থিত শ্ৰদ্ধা ৰেস্তোৰাঁত সাংবাদিকসকলৰে হোৱা চমু বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে , এখন কোভিডমুক্ত অসম গঢ়ি তোলাটোৱেই সাম্প্ৰতিক সময়ত চৰকাৰখনৰ প্ৰধান প্ৰাথমিকতা ৷ সেই উদ্দেশ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনটোত সাত লক্ষ লোকক কোভিড টীকা প্ৰদান কৰিবলৈ চৰকাৰে পণ লৈছে ৷ অসমৰ অন্যতম পিছপৰা সমষ্টি হিচাপে চিহ্নিত সৰুপথাৰ সমষ্টিত এখন মহকুমা পৰ্যায়ৰ চিকিৎসালয় স্থাপন কৰিবলৈ লোৱা উদ্যোগৰ বিষয়েও উপস্থিত লোকক জানিবলৈ দিয়ে মন্ত্ৰী মহন্তই ৷ তেওঁ লগতে কয় যে , আগন্তুক শাৰদোৎসৱ উপলক্ষে অসম চৰকাৰে নতুন এছঅ’পী ঘোষণা কৰিছে যদিও কোভিড সংক্ৰমণৰ সম্ভাৱনা সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাই ৷ গতিকে , উৎসৱৰ সময়ছোৱাতো জনগণ সাৱধান নহ’লে জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবেই পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগা পৰ্যায়লৈ ৰাজ্যখন গুচি যাব পাৰে ৷ মাস্ক পৰিধান , জনসমাগমৰ পৰা আঁতৰি থকা , দুগজ দূৰত্ব বজাই ৰখা আদি কোডিড বিধিসমূহ কঠোৰভাবে পালন কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ৷ মন্ত্ৰী গৰাকীয়ে আজি ৰঙাজানত অৱস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মৰঙি মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ কেক কাটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰে আৰু প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্যৰ কামনা কৰি দলীয় কৰ্মীসকলকো ওলগ জনায় ৷