মৰিগাঁও অসামৰিক চিকিৎসালয়ত আইচিইউ নিৰ্মাণত ১২ কোটি ৩২ লাখ টকীয়া বিয়াগোম কেলেংকাৰী , আই চি ইউ বেডৰ কামত বৃহৎ বিসংগতি , বিভাগীয় দুখন পত্ৰই উদঙাই দিলে ঠিকাদাৰৰ গাফিলতি , নিম্ন মানৰ কাম কৰিয়েই কোটি টকা লুণ্ঠনৰ ফন্দি দুষ্ট চক্ৰৰ

960

মৰিগাঁও অসামৰিক চিকিৎসালয়ত আইচিইউ নিৰ্মাণত ১২ কোটি ৩২ লাখ টকীয়া বিয়াগোম কেলেংকাৰী , আই চি ইউ বেডৰ কামত বৃহৎ বিসংগতি , বিভাগীয় দুখন পত্ৰই উদঙাই দিলে ঠিকাদাৰৰ গাফিলতি , নিম্ন মানৰ কাম কৰিয়েই কোটি টকা লুণ্ঠনৰ ফন্দি দুষ্ট চক্ৰৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ ছেপ্তেম্বৰ : ৰাজ্য খনৰ ভিতৰতে অতিকৈ পিছপৰা মৰিগাঁও জিলাৰ তিনিগৰাকী স্বাধীনতা বীৰ শ্বহীদৰ নামত উৎসৰ্গিত একমাত্ৰ অসামৰিক চিকিৎসালয় খনত আইচিইউ নিৰ্মাণৰ নামত প্ৰায় ১২.৩২ কোটি টকীয়া এক ব্যাপক কেলেংকাৰীৰ তথ্য শেহতীয়াভাৱে উন্মোচিত হৈছে । মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগ আৰু লোক নিৰ্মাণ গৃহ বিভাগৰ দুখন পত্ৰই চিকিৎসালয় খনত ঠিকাদাৰৰ বিসংগতি তথা নিম্ন মানৰ কাম কৰিয়েই কোটি টকা আত্মসাৎ কৰাৰ ফন্দি উদঙাই দিয়ে । কভিড ভয়াৱহতালৈ লক্ষ্য কৰি মৰিগাঁৱত যোৱা ১১ জুন তাৰিখে ৰাজ্যৰ স্বাস্থ্য তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ হৈ থকা আইচিইউ নিৰ্মাণ আৰু বেড সমূহ পৰ্যৱেশণ কৰি যোৱা ৩০ জুনতেই ৰোগীৰ বাবে আইচিইউ কক্ষ আৰু বেড মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু অতি আশ্চৰ্যজনক ভাৱে আইচিইউ কক্ষ আৰু বেড সমূহ আজি তিনি মাহেও নিৰ্মাণ হৈ নুঠিল । প্ৰাপ্ত তথ্য মতে , মৰিগাঁও অসামৰিক চিকিৎসালয় খনত ২৪ খন বিছনা যুক্ত আইচিইউ কোঠা নিৰ্মাণ আৰু বেডৰ বাবে আছাম ক্ৰিটিকেল কেয়াৰ প্ৰজেক্ট ২০২০ৰ অধিনত ১২ কোটি ৩২ লাখ ৩৭ হাজাৰ ৭৮০ টকা আবণ্টিত হৈছিল নিৰ্মাণৰ বাবে । কিন্তু পৰিতাপৰ বিষয় যে , এই আইচিইউ কোঠা আৰু বেডৰ বাবে ইমান বৃহৎ সংখ্যক ধন আবণ্টিত হোৱাৰ পিছতো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাতো দূৰৈৰে কথা,এতিয়া তাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ ভয়ানক তথ্য পোহৰলৈ অহাত মৰিগাঁৱৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নবিৰুল ইছলাম নামৰ এগৰাকী ঠিকাদাৰৰ দ্বাৰা নিৰ্মিত হৈ থকা এই আইচিইউ নিৰ্মাণত প্ৰায় ১১ টাকৈ বৃহৎ বিসংগতি থকা বুলি জিলা স্বাস্থ্য আৰু লোকনিৰ্মান গৃহ বিভাগে ৰাজ্য চৰকাৰৰ লোক নিৰ্মান গৃহ বিভাগৰ মুখ্য অভিযন্তালৈ আৰু নিৰ্মাণকাৰী ঠিকাদাৰ নবিৰুল ইছলামলৈ দুখনকৈ পত্ৰ প্ৰেৰণ কৰা ঘটনাই এতিয়া মৰিগাঁৱত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে । দুয়োটা বিভাগে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰেৰণ কৰা পত্ৰত উল্লেখ আছে একাধিক বিসংগতি । অসামৰিক চিকিৎসালয় খনত নিৰ্মাণ কৰি কোঠা সমূহত নিম্ন মানৰ ট্ৰাইলছ , নিম্ন মানৰ দুৱাৰ-খিৰিকী , এচি কুলিং , নাৰ্চ ষ্টেচন , কোঠাৰ বাহিৰৰ শব্দ নিয়ন্ত্ৰণকে ধৰি একাধিক কাম-কাজত ব্যাপক বিসংগতিৰ লগতে অতি নিম্ন মানৰ কাম হোৱা বুলি পত্ৰ খনত স্পষ্টকৈ উল্লেখ আছে । ইপিনে , মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰাজ্য চৰকাৰৰ এই বৃহৎ পুঁজিৰে আইচিইউ কক্ষ নিৰ্মাণৰ নামত সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে অতি নিম্ন মানৰ কাম কৰিয়েই এক বৃহৎ সংখ্যক ধন আত্মসাৎ যে কৰিব এইয়া ইতিমধ্যে স্পষ্টকৈ প্ৰতিফলিত হোৱা লগতে চৰকাৰী বিভাগ দুটাই দিয়া পত্ৰ দুখনেই এই কথা প্ৰমাণিত কৰিছে । এতিয়া প্ৰশ্ন হ’ল মৰিগাঁও জিলাৰ তিনিগৰাকী স্বাধীনতাৰ বীৰ শ্বহীদ তিলক ডেকা,গুণাভিৰাম বৰদলৈ আৰু হেমৰাম পাতৰৰ প্ৰবিত্ৰ স্মৃতিত উৎসৰ্গিত মৰিগাঁও জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয় খনত সংঘটিত এই ১২ কোটি টকীয়া কেলেংকাৰীয়ে ইতিমধ্যে মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে- মৰিগাঁও জিলাত ইয়াৰ পূৰ্বেও কভিড পৰিস্থিতিত হোটেলৰ নামত,খাদ্যৰ নামত মাস্ক , চেনিটাইজাৰকে ধৰি একাধিক সমগ্ৰীৰ নামত কোটি কোটি টকা এটা চক্ৰই লুটপাত চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল । এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষ্যনীয় হ’ব ।