মৰিগাঁৱত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা সভা , স্বাস্থ্য বিভাগৰ ১৭ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা মেগা ভেকচিন প্ৰদানৰ ওপৰত আলোচনা

1058

মৰিগাঁৱত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা সভা , স্বাস্থ্য বিভাগৰ ১৭ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা মেগা ভেকচিন প্ৰদানৰ ওপৰত আলোচনা

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৫ ছেপ্তেম্বৰ : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিনৰ ২.৩০ বজাত মৰিগাঁও জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে । আজিৰ সভাত অনান্য বিভাগৰ পৰ্যালোচনা কৰা হয় যদিও বিশেষভাবে স্বাস্থ্য বিভাগৰ অহা ১৭ চেপ্তেম্বৰৰ মেগা ভেকচিন প্ৰদানৰ ওপৰতে মুখ্য আলোচনা কৰা হয় । ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো অহা ১৭ চেপ্তেম্বৰত অনুষ্ঠিত হব কভিদ ১৯ ভেকচিনৰ বিশাল প্ৰতিষেধক প্ৰদান শিবিৰ । এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰস্তুুতি সম্পন্ন কৰা হৈছে । ১৭ চেপ্তেবৰৰ দিনা জিলা খনত ১৬৫ টা কভিদ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ৫০০০ গৰাকী ব্যক্তিক প্ৰথম ডোজ আৰু ২২০০০ গৰাকী ব্যক্তিক দ্বিতীয় ডোজ ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । জিলাখনত কভিশ্বিল্ডৰ ৮৮৬৩০ টা ডোজ আৰু কভাক্সিনৰ ৩৬২০ টা ডোজ বৰ্তমান মজুত আছে । দ্বিতীয় ডোজ ভেকচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ অনীহাৰ বাবে জিলাখনে যাতে অসুবিধাৰ সন্মুখীন হব লগা নহয় , তাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে দৈনিক মাইক যোগে সজাগতা বৃদ্ধিৰ বাবে ঘোষণা কৰাৰ লগতে গোহাৰি পত্ৰ আদিও বিতৰণ কৰিছে । ইতিমধ্যে যিসকল ব্যক্তিৰ প্ৰথম ডোজ প্ৰতিষেধক গ্ৰহণৰ ৮৪ দিনৰ সময়ৰ ব্যৱধান পাৰ হৈছে , তেখেত সকলক অহা ১৭ চেপ্তেম্বৰত দ্বিতীয় ডোজ ভেকচিন লবলৈ জিলা প্ৰশাসনে অনুৰোধ কৰিছে । আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী গৰাকীৰ উপৰিও অভিভাৱক সচিব অনুৰাগ গোৱেল , জিলা আৰক্ষী অধীক্ষক এ নটৰাজন , অতিৰিক্ত উপায়ুক্ত সকল , স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।