মৰিগাঁৱত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ,উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ লগত বৈঠক

2509

মৰিগাঁৱত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ,উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ লগত বৈঠক

ষ্টাফৰিপৰ্টাৰ ,মৰিগাঁও , ২ ছেপ্তেম্বৰ: অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিনৰ ১১ বজাত মৰিগাঁৱত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে | মন্ত্ৰী গৰাকীয়ে কভিদ মহামাৰী প্ৰতিৰোধৰ বাবে জিলাখনত ব্যপক হাৰত কভিদ প্ৰতিষেধক প্ৰদান আৰম্ভ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ উপৰিও সকলো কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী, আৰু স্কুল কলেজৰ অধ্যাপক, অধ্যাপিকা আৰু স্কুললৈ আহিব বিচৰা ছাত্ৰ-ছাত্ৰীক অহা সোমবাৰৰ আগতে প্ৰতিষেধক লবলৈ নিৰ্দেশ দিয়ে আৰু কাৰ্যালয় আদিত “আমি সকলোৱে টিকা গ্ৰহণ কৰিছো” বুলি এক ফলক লগাবলৈ নিৰ্দেশ দিয়ে | আজিৰ সভাত মন্ত্ৰী গৰাকীৰ উপৰিও বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, অতিৰিক্ত উপায়ুক্তসকলৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পৰ্য্যায়ৰ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে। ইপিনে, মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ পৰা গৈ মৰিগাঁৱৰ বঘৰা গলচেপাৰ মাজত নতুনকৈ নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ভূমি সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত আলাপ আলোচনাত মিলিত হয়।